ETV Bharat / state

ৰাজেন গোহাঁইৰ টাৰ্গেট বঢ়মপুৰ বিধানসভা সমষ্টি - বাংলাদেশী মুছলমান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ টাৰ্গেট প্ৰফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰ সমষ্টি । বিধানসভা নিৰ্বাচনলৈ সাজু গোহাঁই পুত্ৰও। সেৱা সপ্তাহত অংশগ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰাজেন গোহাঁইৰ।

rajen gohaian target mahanta Barhampur  assambly seats
ৰাজেন গোহাঁইৰ টাৰ্গেট বঢ়মপুৰ বিধান সভা সমষ্টি
author img

By

Published : Sep 17, 2020, 9:26 PM IST

নগাঁও,17 ছেপ্তেম্বৰঃ অগপ বিজেপিৰ মিত্ৰতা অটুট আছে যদিও নাগৰিকত্ব সংশোধনী আইক লৈ শাসকীয় বিজেপি দলৰ লগতে অংশীদাৰ দল অগপৰে মতবিৰোধ স্পষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। ইয়াৰে যেন সুযোগৰ সন্ধানত এইবাৰ জেষ্ঠ্য বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। বৃহস্পতিবাৰে নগাঁৱৰ পুৰণিগুদামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত সেৱা সপ্তাহত অংশগ্ৰহণ কৰা বিজেপি নেতা ৰাজেন গোহাঁইৰ মন্তব্যত স্পষ্ট হ'ল এই কথা।

ৰাজেন গোহাঁইৰ টাৰ্গেট বঢ়মপুৰ বিধান সভা সমষ্টি

সংবাদ মাধ্যমৰ সন্মুখত নিজকে যথেষ্ট সক্ৰিয় বুলি দাবী কৰি বঢ়মপুৰ সমষ্টিৰ পৰা আকৌ এবাৰ অসমবাসীৰ সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। দলৰ নেতৃত্বই সুযোগ দিলে বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দলে বিচাৰিলে ৰাজেন গোহাঁইৰ পুত্ৰও আগন্তক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলিও মন্তব্য কৰে ৰাজেন গোঁহাইয়ে।

ইপিনে এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক আখ্যা দি ৰাজেন গোহাঁইৰ আন এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । ৰাজ্যত কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাত চৰকাৰ গঠন হ’লে এইখন অসম দহ বছৰৰ ভিতৰত বাংলাদেশী মুছলমানৰ কৱললৈ গুচি যাব বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তৱ্য কৰে । লগতে আছু এ জে ৱাই চি পিৰ নেতৃত্বত গঠন হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দল এ জে পি সন্দৰ্ভতো মন্তব্য কৰে ৰাজেন গোহাঁইয়ে। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলে ভাৰতীয় জনতা পাৰ্টীক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও মন্তব্য কৰা পৰিলক্ষিত হ’ল ৰাজেন গোহাঁইয়ে ।

লগতে পঢ়কঃ পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.