চামগুৰি,২ ফেব্ৰুৱাৰী : নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিবলৈ । তাৰ মাজতে নতুনকৈ গঠন হোৱা 'ৰাইজৰ দলে'ও নিজৰ ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে নৱগঠিত 'ৰাইজৰ দল'ৰ প্ৰথমখন দলীয় সভা অনুষ্ঠিত হয় কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দূৰ্গ হিচাপে খ্যাত চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত । এই সভাতে একাংশ স্থানীয় সমৰ্থক আৰু দলটোৰ জিলা নেতৃত্বৰ উপস্থিতত গঠন কৰা হয় 'ৰাইজৰ দল'ৰ চামগুৰি সমষ্টি সমিতি । কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি তথা আৰ.টি.আই. কৰ্মী প্ৰদীপ কলিতাক সভাপতি হিচাপে মনোনীত কৰি গঠন কৰা হয় সমিতি খন । চামগুৰি সমষ্টি সমিতি গঠনৰ সভা খনতে 'ৰাইজৰ দল'ত যোগদান কৰে কংগ্ৰেছ, এ.আই.ইউ.ডি.এফ. তথা বি.জে.পি.ৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকে । সমান্তৰালকৈ পৰৱৰ্তী সময়ত সমষ্টিটোত 'ৰাইজৰ দল'ৰ ভেটি সুদৃঢ় কৰিবৰ বাবে পঞ্চায়ত আৰু বুথ পৰ্য্যায়ৰ সমিতি গঠনৰ কাম শীঘ্ৰে সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাখনত।
স্থানীয় বিধায়ক ৰকিবুল হুছেইন অথবা বিজেপিক পৰাভূত কৰাই নহয়, চামগুৰিত হেৰাই যোৱা গণতান্ত্ৰিক প্ৰমূল্যবোধক পুনৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত 'ৰাইজৰ দল'ৰ প্ৰয়োজন আছে বুলি এই সভাতে উল্লেখ কৰে জিলা উপ-সভাপতি ড০ ৰীয়াছুদ্দিন আহমেদে । ইফালে বিগত কংগ্ৰেছ চৰকাৰ অনুৰূপ ধৰণেৰেই বৰ্তমানৰ বিজেপি চৰকাৰেও সমষ্টিটোত সংঘটিত কৰা দুৰ্নীতিৰ সন্দৰ্ভত সমালোচনা মুখৰ হৈ পৰাৰ লগতে নৱ-মনোনীত সভাপতি প্ৰদীপ কলিতাই চামগুৰিত 'ৰাইজৰ দল'ৰ অভ্যুত্থান সুনিশ্চিত বুলি উল্লেখ্য কৰা দেখা যায় সমৰ্থক সকলৰ আগত । অৱশ্যে সভাখনত সমষ্টিটোৰ বাবে কাক প্ৰাৰ্থীত্বৰ বাবে প্ৰক্ষেপ কৰিব সেই বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকিলে জিলা নেতৃত্ব।
লগতে পঢ়ক :চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত