ৰহা, 20 এপ্ৰিলঃ সোমবাৰৰ পৰা ৰহা টোল প্লাজাত পথ কৰ সংগ্ৰহ পুনৰ আৰম্ভ কৰা হয় ৷ উল্লেখ্য় যে,দ্বিতীয় পৰ্যায়ৰ লক ডাউন 21 এপ্ৰিলৰ পৰা কিছু শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ৷ লগতে 20 এপ্ৰিলৰ পৰা দেশজুৰি পুনৰ টোলগে’ট সমূহ খোলাৰো সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই নিৰ্দেশনাৰ ভিত্তিতেই ২০ এপ্ৰিলৰ পৰা অসমৰ তিনিটা টোলগেট ক্ৰমে ৰহা,গোসাঁইগাঁও আৰু বিজনীৰ দাহালপাৰাৰ টোলগেটত কৰ সংগ্ৰহ কৰা হয় ৷ লক ডাউনৰ সময়ছোৱাত ব্যক্তিগত আৰু বাণিজ্যিক বাহনসমূহৰ পৰা গেটৰ মাচুল সংগ্ৰহৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে ৷
লগতে পঢ়ক-কোভিড-১৯ঃ দেশৰ বৃহত্তম পৃথক আছুতীয়া কক্ষৰ নিয়ন্ত্ৰণৰ দায়িত্ব স্থলসেনাক