ৰহা, 29 ডিচেম্বৰঃ বিগত বৰ্ষসমূহৰ দৰেই নগাঁও জিলাৰ ৰহাৰ আমনিশালীত ব্যাপক প্ৰস্তুতি চলিছে ভোগালী বিহুৰ ৷ ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে ব্যতিক্ৰম ৰূপত সাজি উলিয়াইছে এটি ভেলাঘৰ । "গছ ৰুই প্ৰকৃতি সজাওক , নিজক বচাওক" শীৰ্ষক এক উদ্দেশ্য আৰু লক্ষ্যৰে নৰা-খেৰ আৰু বাঁহেৰে সাজি উলিয়াইছে বৃহৎ আকৃতিৰ এক ভেলাঘৰ । আমনিশালী নয়নজ্যোতি যুৱক সংঘৰ সহযোগত বিগত ২০১২ চনৰে পৰা শিল্পী ভগৱান সেনাপতিয়ে এনেদৰে নৰা, ধানখেৰেৰে ভেলাঘৰ সাজি দৃষ্টি আকৰ্ষণ কৰি আহিছে দেশ-বিদেশৰ পৰ্যটক সকলৰ । উল্লেখ্য যে, ২০১২ চনত ৰংঘৰ, ২০১৩ চনত টাইটানিক জাহাজ, ২০১৪ চনত বীণা, ২০১৫ চনত ঈগল পৃথিৱী, ২০১৬ চনত শান্তিৰ বতৰাৰে এহাল কপৌ চৰাই, ২০১৭, ২০১৮, ২০১৯ চনত গড় বচাওঁক অসমৰ মান ৰাখক আৰু ২০২০ চনৰ বাবে প্ৰকৃতি সুৰক্ষাৰ বাণীৰে এক দৃষ্টিনন্দন ভেলাঘৰ সাজি উলিয়াইছে শিল্পী গৰাকীয়ে ।
উল্লেখযোগ্য যে, যুৱক সংঘ আৰু নিজা গাঁঠিৰ ধন ভাগি প্ৰতিবছৰে ভগৱান সেনাপতিয়ে অসমবাসীৰ লগতে দেশবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰি আহিছে এই ভেলাঘৰৰ জৰিয়তে । অতি পৰিতাপৰ কথা যে, তিনি বছৰৰ আগতে তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা শিল্পী গৰাকীলৈ এক সুবিধা প্ৰদান কৰিব বুলি পৰিষদে এক প্ৰতিশ্ৰুতি দিছিল যদিও আজি তিনিবছৰে ফুটা কড়ি এটাও স্বায়ত্ব পৰিষদৰ পৰা লাভ নকৰিলে শিল্পী গৰাকীয়ে ।