ETV Bharat / state

সত্ৰ বেদখলৰ পাচত এইবাৰ চৰকাৰী বিদ্যালয়ৰ ভূমিত ভূ-মাফিয়াৰ চকু - ভূমি

পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ এলেকাৰ ভূমি ভূ-মাফিয়াৰ হাতত ৷ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে আইনৰ জৰিয়তে বিহিত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ ।

school land illegally occupied
চৰকাৰী বিদ্যালয়ৰ ভূমিত ভূ-মাফিয়াৰ চকু
author img

By

Published : Dec 4, 2020, 9:22 AM IST

চামগুৰি,4 ডিচেম্বৰ : নগাঁও জিলাৰ পুৰণিগুদামৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ভূমিৰ অবৈধ বেদখলক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঐতিহ্যমণ্ডিত ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ এলেকাৰ ভূমি এতিয়া ভূ-মাফিয়াৰ দখলত থকাৰ অভিযোগ উত্থাপন । বিদ্যালয় কৰ্তৃপক্ষৰ অগোচৰে বিদ্যালয়ৰ ভূমি নিজৰ নামত কৰি লয় এজন বিশেষ ব্যক্তিয়ে ।

বিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ কাম কৰিবলৈ লোৱাৰ সময়তহে পোহৰলৈ আহে ভূ-মাফিয়াৰূপী ব্যক্তি গৰাকীয়ে সংঘটিত কৰা এই অবৈধ কাণ্ড । কিন্তু ওলোটাই ভূ-মাফিয়াইহে বিদ্যালয়খনৰ অধ্যক্ষ, পৰিচালনা সমিতিৰ সভাপতিৰ লগতে আৰু আন দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

school land illegally occupied
চৰকাৰী বিদ্যালয়ৰ ভূমিত ভূ-মাফিয়াৰ চকু

1930 চনত স্থাপন হোৱা পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ভূমি ভূ-মাফিয়াৰ হাতলৈ যোৱা কাৰ্যক স্থানীয় ৰাইজে সহজভাৱে ল’ব নোৱাৰি বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাৰ আয়োজন কৰে । সভাৰ সিদ্ধান্ত মৰ্মে, ভূ-মাফিয়াৰ বিৰুদ্ধে আইনৰ জৰিয়তে বিহিত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে ।

ইফালে বিদ্যালয় কৰ্তৃপক্ষৰ অজ্ঞাতে কেনেদৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ভূ-মাফিয়াৰ হাতত বিদ্যালয়ৰ ভূমি হস্তান্তৰ কৰিলে সেই বিষয়ক লৈও সৃষ্টি হৈছে বহু প্ৰশ্নৰ ৷ অৱশ্যে শীঘ্ৰে বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : লুৰিনৰ বিদায় বেলাত কি ক'লে সতীৰ্থসকলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.