ETV Bharat / state

Public Build Bamboo Bridge at Raha: ৰহাত গাঁঠিৰ ধন ভাঙি ৰাইজে সাজিলে বাঁহৰ দলং

author img

By

Published : Nov 17, 2022, 10:57 AM IST

চৰকাৰে আহে আৰু যায় । কিন্তু সমাধান নহয় ৰাইজৰ সমস্যা । বছৰ বছৰ ধৰি ৰাইজৰ সমস্যাবোৰ তেনেদৰেই ৰৈ যায় ৷ চৰকাৰক বাৰম্বাৰ আহ্বান জনাই ব্যৰ্থ হৈ এইবাৰ ৰহাত ৰাইজে নিজে সাঁজি উলিয়াইছে বাঁহৰ দলং (New Bamboo bridge constructed by Locals at Raha)

Public Build Bamboo Bridge at Raha
ৰহাত গাঁঠিৰ ধন ভাঙি ৰাইজে সাজিলে বাঁহৰ দলং

ৰহা, ১৭ নৱেম্বৰ: বছৰ বছৰ ধৰি দলঙৰ বাবে হাহাকাৰ ৰহাৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ । সেয়েহে ক্ষুদ্ধ ৰাইজে চৰকাৰলৈ বাট নাচাই সাজি উলিয়াইছে বাঁহৰ দলং(New Bamboo bridge constructed by Locals in Raha)। উপযুক্ত বাট-পথৰ লগতে দলঙৰ বাবে হাহাকাৰ কৰি আছে এই অঞ্চলটোৰ ৰাইজে ।

উল্লেখ্য় যে উক্ত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে উন্নত যাতায়তৰ অভাৱত । দশক দশক ধৰি এই বৃহৎ অঞ্চলটোৰ ৰাইজ বঞ্চিত হৈ আহিছে এখন পকী দলঙৰ পৰা ৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজ ওলাই আহিল বৰপানী নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ (Public Constructed bridge over Barpani river) ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজ সাজি উলিয়ালে এইখন দলং ৷ যদিও এই অঞ্চলৰ ভুক্তভোগী ৰাইজে পকী পথ আৰু পকী দলঙৰ বাবে চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে তথাপি এতিয়ালৈকে পোৱা নাই কোনো সুফল ।

ৰহা সমষ্টিৰ চহৰী আৰু জৰাবাৰী মৌজাৰ সীমাত থকা বৰপানী নদীত আজিও নিৰ্মাণ হোৱা নাই পকী দলং । মাগুৰ গাঁও পঞ্চায়ত আৰু হাটবৰ পঞ্চায়তৰ মাজত থকা বৰপানী নদীৰ বাবেই ইপাৰ-সিপাৰ হ'বলৈ খৰালি,বাৰিষা সকলো বতৰতে ৰাইজে টুলুঙা নাও ব্য়ৱহাৰ কৰিব লাগে ।

মাগুৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাটবৰ পঞ্চায়তৰ বসুন্ধৰী হাইস্কুলত অধ্য়য়ন কৰে । নিতৌ এইসকল ছাত্ৰ-ছাত্ৰীয়ে মৰণত শৰণ দি টুলুঙা নাৱেৰেই বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগে । ইপিনে, সঘনাই এই স্থানত সংঘটিত হৈছে নাও দূৰ্ঘটনা । তদুপৰি বৰপানীৰ পশ্চিমে নদীৰ পাৰতেই আছে বুৰঞ্জী প্ৰসিদ্ধ শ্ৰীশ্ৰী মা বসুন্ধৰী থান । এতিয়া মৰণক শৰণ দি অহা-যোৱা কৰা ৰাইজে নাও দূৰ্ঘটনা ৰোধ কৰিবৰ বাবেই প্ৰতিটো পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি ডেৰ লাখ টকা ব্যয়ৰে সাজিছে এখন বাঁহৰ দলং ।

দীৰ্ঘদিন ধৰি ৰাইজৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত ব্যাহত হৈ পৰিছে । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানলৈ ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে (Pathetic road connectivity in Raha) ৷

উক্ত অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ আহি ৰাজনৈতিক নেতাই দলঙৰ বাবেই ভোট বিচাৰি ৰাইজক আভুৱা ভাৰি আহিছে । তথাপি আজিলৈকে ৰাইজে নাপালে এখন দলং । ৰহাৰ বিধায়ক শশীকান্ত দাসেও নিৰ্বাচনৰ আগতে এনে প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া তেওঁ পাহৰিলে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:Physically challenged man bagged help: শাৰীৰিকভাৱে অক্ষম স্বামীক লৈ পত্নীৰ হিয়াভঙা কান্দোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.