ETV Bharat / state

Public against narcotics in Nagaon: আৰক্ষীৰ পৰিৱৰ্তে ৰাইজ নামিল নিচা বিৰোধী অভিযানত - নগাঁও আৰক্ষী

শেহতীয়াকৈ যেন নগাঁও আৰক্ষীৰ ওপৰতে ভৰসা হেৰুৱাইছে নগাঁৱৰ সচেতন লোকে । যাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল নগাঁৱৰ এখন গাঁৱৰ পুৰুষ মহিলা (Public came out against drugs)। মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমতে সজাগতা সভাৰ আয়োজন কৰাৰ পিছত চিধাই অভিযানত নামিল গাঁওখনৰ পুৰুষ-মহিলা ।

Public came out against drugs
Public against narcotics in Nagaon
author img

By

Published : Nov 1, 2022, 9:10 PM IST

নগাঁও, 1 নৱেম্বৰ: দুই-চাৰিটা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিয়েই ব্যাপক প্ৰচাৰ চলোৱাৰ চেষ্টা কৰা নগাঁও আৰক্ষীৰ ব্যৰ্থতা পুনৰ উদঙালে এখন গাঁৱৰ পুৰুষ-মহিলাই । নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই যেন পুনৰ ক্ৰমশঃ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও (Drugs smuggling in Nagaon)। নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বহু সাম্ৰাজ্য গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছে (Drugs rackets in Nagaon)।

আৰক্ষীৰ পৰিৱৰ্তে ৰাইজ নামিল নিচা বিৰোধী অভিযানত

শেহতীয়াকৈ যেন নগাঁও আৰক্ষীৰ ওপৰতে ভৰসা হেৰুৱাইছে নগাঁৱৰ সচেতন লোকে । যাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল নগাঁৱৰ এখন গাঁৱৰ পুৰুষ মহিলা (Public came out against drugs)। মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমতে সজাগতা সভাৰ আয়োজন কৰাৰ পিছত চিধাই অভিযানত নামিল গাঁওখনৰ পুৰুষ-মহিলা । গাঁওখন হৈছে নগাঁও চহৰৰ গাতে লাগি থকা ম'হখুলি ।

গাঁওখন ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে গাঁওবাসীয়ে ইতিমধ্যে সজাগতা সৃষ্টি কৰাৰ পিছতেই সোমবাৰে বিয়লিৰ পৰাই আৰম্ভ কৰে ড্ৰাগছ বিৰোধী অভিযান (Narcotics racket in Nagaon) । সন্ধিয়া গাঁওখনৰ জ্যোৎস্নাৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ভাংসহ বহু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় পুৰুষ মহিলাৰ দলটো (Public nabbed woman with ganja)।

স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ সহযোগতে অভিযান চলায় স্থানীয় লোকে । নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত জ্যোৎস্নাৰা বেগম নামৰ মহিলাগৰাকীক আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকে।

ইপিনে সোমবাৰে নিশা প্ৰায় ৯ মান বজাত লক্ষীনগৰ চাৰিআলিৰ PWD কলনীত সন্দেহজনক অৱস্থাত বাবুল আলী নামৰ এজন লোকক চুৰি কৰাৰ সন্দেহত আটক কৰে স্থানীয় লোকে । চুমন দাস নামৰ লোকজনৰ ঘৰৰ চৌহদৰ পৰা কিছু ৱায়াৰ জাতীয় সামগ্ৰীৰ সৈতে ৰাইজে আটক কৰি হয়বৰগাঁও আৰক্ষীক গতাই দিয়ে বাবুল আলীক (Theft cases in Nagaon) ।

স্মৰ্তব্য যে , দেওবাৰে নিশাও নগাঁও চহৰৰ মাজমজিয়াৰ এটা ৱৰ্কশ্ব'পৰ পৰা চোৰে লুটি নিছিল নগদ ১২ লক্ষাধিক টকা । নগাঁৱত দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে থকা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বতো অপৰাধ নিয়ন্ত্ৰণত যথেষ্ট সফল হৈছিল নগাঁও আৰক্ষী । কিন্তু বৰ্তমান যেন ম্লান পৰিবলৈ ধৰিছে নগাঁও আৰক্ষীৰ গৰিমা ৷

লগতে পঢ়ক: New born body recovered: নগাঁৱৰ ৰাজপথত নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.