ধিং, 21 ছেপ্টেম্বৰ: অসম বিধানসভাৰ ১০জন বিধায়কৰে গঠিত হৈছে ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতি (Public Accounts Committee) ৷ আজি ১০ জন বিধায়কৰে গঠিত ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দল চন্দ্ৰপুৰেৰে মায়ং হৈ আহিল মৰিগাঁও জিলালৈ । এই দলটোৱে প্ৰথমে জাগীৰোড সমষ্টিৰ অন্তৰ্গত কেইবাখনো আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে ।
পিছত জাগীৰোড সমষ্টিৰ পৰা মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ দুপৰীয়া আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিছত মথাউৰিৰ কাম-কাজ বুজ লৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।
![Public Accounts Committee inspected work of several schemes in Jagiroad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-21-sep-pac-asc10013_21092022193002_2109f_1663768802_548.jpg)
দলটোৱে এই ভ্ৰমণ কালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ জলসম্পদ গড়কাপ্তানি জনস্বাস্থ্য কাৰিকৰী বিভাগ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে স্বাস্থ্য বিভাগৰো কাম-কাজৰ বুজ লয় । আনহাতে দলটোৰ নেতৃত্ব দিয়ে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৷ উল্লেখ্য যে, দলটোৰ সদস্য কেইজন ক্ৰমে বিধায়ক কলিম উদ্দিন বৰভূঞা, ৰমেন কলিতা, বসন্ত দাস, কমলা পুৰুকায়স্থ, ভবেন ভঢ়ালী, চক্ৰধৰ গগৈ, উৎপল বৰাকে ধৰি দহ গৰাকী বিধায়ক ।
![fhkPublic Accounts Committee inspected work of several schemes in Jagiroad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-21-sep-pac-asc10013_21092022193002_2109f_1663768802_383.jpg)
উল্লেখ যে, মৰিগাঁও জিলাত ৰূপায়ণ কৰি থকা বিভিন্ন প্ৰকল্প আৰু আচঁনিৰ পৰ্যাবেক্ষণ কৰোতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কামত দুৰ্নীতি হৈছে বুলি প্ৰকাশ পাইছে ।
![Public Accounts Committee inspected work of several schemes in Jagiroad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-21-sep-pac-asc10013_21092022193002_2109f_1663768802_800.jpg)
আজিৰ এই ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দলটোৰ লগতে সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মা, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, জলসম্পদ বিভাগৰ অভিযন্তা লৌচুন চৌধুৰী, গড়কাপ্তানি বিভাগৰ অভিযন্তাকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে ।
লগতে পঢ়ক: দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ