ETV Bharat / state

বাটৰ নাট প্ৰদৰ্শনেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ - প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা

বাটৰ নাট প্ৰদৰ্শন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ । আলফাই ৰোধ কৰিব নোৱাৰা কংগ্ৰেছৰ কণ্ঠ বিজেপিয়ে ৰোধ কৰিব নোৱাৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷

Protest of nagaon congress against price hike by perfoming street play assam etv bharat news
বাটৰ নাট প্ৰদৰ্শনেৰে প্ৰতিবাদ
author img

By

Published : Jul 8, 2020, 6:07 PM IST

নগাঁও,8 জুলাই: মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । বুধবাৰে নগাঁৱত সামাজিক দূৰত্ব বজাই ৰাখি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআই-য়ে । এখন স্কুটিৰ প্ৰতীকী ৰূপত শ্মশানযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে এনএছইউআইৰ সদস্যসকলে । প্ৰতিবাদী দলটোৱে নগাঁও টাউন ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদৰ্শন কৰে এখনি বাটৰ নাট । লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱাই ।

বাটৰ নাট প্ৰদৰ্শনেৰে প্ৰতিবাদ

ইফালে, মহামাৰী কৰ’ণাক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । চৰকাৰে কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে চেষ্টা কৰা বুলিও অন্য এক অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফাই কংগ্ৰেছৰ কণ্ঠ ৰোধ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰেও কেতিয়াও এই প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে বুলি চৰকাৰক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে বিৰোধী দলটোৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃ গোগামুখত প্ৰতিবাদকাৰীৰে বাক বিতণ্ডাত লিপ্ত আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.