ৰূপহীহাট, 8 ডিচেম্বৰ: কৃষি আইন বাতিলৰ দাবীৰে মঙলবাৰৰ ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনোৱা দেখিবলৈ পোৱা গ'ল ৰূপহীহাটৰ কৃষকৰ মাজত ৷ কৃষক ৰাইজে পথ অৱৰোধ কৰাৰ লগতে পথাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে কৃষক ৰাইজে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
ৰূপহীহাটৰ লগতে জুৰীয়া, শিঙৰী আদি স্থানতো বন্ধৰ সমৰ্থনত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰীৱ ন্যায় সন্থা আৰু ধিং দূৰ্নীতি বিৰোধী সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত হয় ৷ প্ৰায় পাঁচ শতাধিক সমৰ্থকে ওলোৱা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্ত, কৃষক গৰীৱ ন্যায় সন্থাৰ উপদেষ্টা মুস্তাফা ছেলিম আহমেদ উপস্থিত থাকে ৷ আনহাতে লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপহী শিঙিমাৰীত বন্ধৰ সমৰ্থনত কৰা প্ৰতিবাদী কাৰ্যসূচীত চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনো উপস্থিত থাকে ৷
লগতে পঢ়ক: আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে