ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰে সীমা সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব AJYCP য়ে - লাইলাপুৰ

সংগঠনটোৱে কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে অমিত শ্বাহৰ পুত্তলিকা । সীমা সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনটোৱে ৷ ইপিনে অসমৰ সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

কেন্দ্ৰীয় চৰকাৰে সীমা সমস্যা সামাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব AJYCP য়ে

author img

By

Published : Jul 28, 2021, 10:42 PM IST

কলিয়াবৰ, 28 জুলাই : বুধবাৰে অসমৰ সীমা সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে দাহ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা । সংগঠনটোৱে কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে অমিত শ্বাহৰ পুত্তলিকা । সীমা সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনটোৱে ৷ ইপিনে অসমৰ সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

কলিয়াবৰৰ সমান্তৰালকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষী শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে নগাঁৱত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) প্ৰাণ দিবলগীয়া হৈছে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই ।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷

সেই অনুসৰি মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীৰ গুলীত নিহত অসমৰ শ্বহীদ আৰক্ষী জোৱানলৈ মঙলবাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনায় ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । মঙলবাৰে সন্ধিয়া বিলাসীপাৰাৰ চিৰাকুটা বজাৰত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (satra mukti sangram samiti) অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । ৫১ ডাল মমবাতি প্ৰজ্বলন কৰি ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্বহীদ আৰক্ষী জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে । ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেলোৱাৰ হুছেইনে মিজোৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

লগতে পঢ়কঃ লখিমপুৰত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিডত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.