ETV Bharat / state

নগাঁও চহৰস্থিত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী - নিয়মীয়া গ্ৰাহক

এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকা-ভাকু । বিদ্যুতৰ এই লুকাভাকুত এতিয়া জিয়াতু ভুগিছে ৰাজ্যবাসীয়ে । ইয়াৰ মাজতে দুই এক পৰিয়ালে বিদ্যুতৰ বিল সময়ত পৰিশোধ নকৰাৰ বাবেই সমগ্ৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰি জিয়াতু ভোগাইছে ৰূপহীহাটৰ এক বৃহৎ গ্ৰাম্যাঞ্চল । অৱশেষত অতিস্থ গঞা ওলাই আহি নগাঁও চহৰস্থিত শক্তি বিতৰণ বিভাগটোৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

protest against electricity board by villagers at nagaon
নগাঁও চহৰস্থিত এপিডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Aug 6, 2020, 6:19 PM IST

নগাঁও,৬আগষ্ট: এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু । বিদ্যুতৰ এই লুকাভাকুত এতিয়া জিয়াতু ভুগিছে ৰাজ্যবাসীয়ে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো শক্তি বিভাগৰ একে ল'ৰা ধেমালী । দিনটোৰ অধিক সময় বিনা বিদ্যুতৰ মাজতেই পাৰ কৰিব লগা হৈছে সময় ।

শেহতীয়াকৈ যোৱা কেইটা দিনত ৰাজ্যত হৈ থকা উৎকট গৰমত এতিয়া বিদ্যুৎ অবিহনে জীয়াতু ভুগিব লগা হৈছে নাগাঁওবাসীয়ে । কোনো এটা সময়ত বিদ্যুতে ভূমুকি মাৰি দেখা দিয়ে যদিওঁ অধিক সময় বন্ধ হৈ থাকে বিদ্যুতৰ যোগান ।

ইয়াৰ মাজতে দুই এক পৰিয়ালে বিদ্যুতৰ বিল সময়ত পৰিশোধ নকৰাৰ বাবেই সমগ্ৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰি জিয়াতু ভোগাইছে ৰূপহীহাটৰ এটা বৃহৎ গ্ৰামাঞ্চলক । দুই এক পৰিয়ালে বিদ্যুতৰ মাচুল সময়ত নিদিয়াৰ অভিযোগ তুলি দীৰ্ঘ দিনৰ পৰা অঞ্চলটোত বিদ্যুতৰ সংযোগ বিচ্চিন্ন কৰি থৈছে । ফলত বিদ্যুতৰ নিয়মীয়া গ্ৰাহক সকলেও ভুগিব লগা হৈছে যমৰ যন্ত্ৰণা ।

সেয়েহে বিদ্যুতৰ নিয়মীয়া যোগানৰ পৰা বঞ্চিত নগাঁৱৰ ৰূপহীহাটৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ বৃহস্পতিবাৰে ওলাই আহিল নগাঁও চৰহত থকা শক্তি বিতৰণ কেন্দ্ৰৰ কাৰ্যালয়লৈ । কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

নগাঁও চহৰস্থিত এপিডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী

উল্লেখ্য যে, বিদ্যুৎ সংযোগ কাটি দিয়াৰ ফলত বিগত ছমাহ ধৰি বিদ্যুৎ বিহীন ভাবে চলি আছে ৰূপহীহাটৰ এটা বৃহৎ অঞ্চল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.