ETV Bharat / state

Athlete needs financial aid :হ'ব নে বোকাৰ পদুম প্ৰমিলাৰ সপোন পূৰণ ! - Inspirational story

অ’ চৰকাৰ শুনিছেনে? অৰ্থৰ অভাৱৰ বাবেই চৰকাৰক অলপ সাহাৰ্য বিচাৰি হুকহুকাই উঠিলে সুদক্ষ খেলুৱৈ প্ৰমিলা দাসে ৷ অহা 8 ডিচেম্বৰত ফিলিপাইনচত অনুষ্ঠিত হ'ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰমিলা দাসে সুযোগ লাভ কৰিছে ৷

pramila das inspiring story
বোকাৰ পদুম প্ৰমিলা দাস
author img

By

Published : Aug 16, 2023, 7:31 PM IST

বোকাৰ পদুম প্ৰমিলা দাস

ৰহা, 16 আগষ্ট : বোকাত পদুম ফুলে, এইষাৰ কথাকে পুনৰ প্ৰমাণ কৰিলে এগৰাকী প্ৰবীণ মহিলা খেলুৱৈয়ে ৷ মনৰ দৃঢ়তা আৰু চেষ্টা অব্যাহত থাকিলে সকলো সম্ভৱ ৷ কিন্তু অৰ্থৰ অভাৱৰ বাবে থমকি ৰৈছে ৰহাৰ বাৰপূজীয়াৰ এইৰাকী প্ৰবীণ সুদক্ষ খেলুৱৈ প্ৰমিলা দাস ৷ নিজৰ দক্ষতাৰ বলত জিলা পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰ আৰু লংজাম্প খেলত সোণ-ৰূপৰ পদক বুটলি শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে প্ৰমিলাই ৷ ৰহাৰ বাৰপূজীয়াৰ ন পুখুৰী পাৰত ঘৰ প্ৰমিলা দাসৰ ৷ দিন হাজিৰা কৰি পেটৰ ভাত মোকলোৱা পৰিয়ালটোৰ পাকঘৰৰ গৃহিণী প্ৰমিলা দাস ৷

প্ৰমিলা দাসৰ খেলৰ প্ৰতি আছে অত্যন্ত হাবিয়াস ৷ 2019 চনত প্ৰমিলা দাসে মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা এখন এথলেটিক্স খেলত অংশগ্ৰহণ কৰিছিল ৷ জিলা, ৰাজ্যিকৰ ওপৰিও ৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈগৰাকীয়ে অংগ্ৰহণ কৰি লাভ কৰিবলৈ সক্ষম হৈছিল সোণ, ৰূপ আৰু ব্ৰঞ্জকে আদি কৰি বহুসংখ্যক পদক ৷ তাৰ পাচৰ পৰা যেন উভতি চাব লগা হোৱা নাছিল খেলুৱৈগৰাকীয়ে ৷ নগাঁও, মৰিগাঁও, গোলাঘাট, দিল্লী, মণিপুৰ, কলিকতাকে আদি কৰি ভাৰতৰ বিভিন্ন স্থানত নিজ পাৰদৰ্শিতাৰে পদক জয় কৰি, অহা 8 ডিচেম্বৰত ফিলিপাইনচত অনুষ্ঠিত হ'ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰমিলা দাসে সুযোগ লাভ কৰিছে ৷

কিন্তু এই খবৰে এতিয়া যেন ঘৰখনত সুখৰ জোৱাৰ অনাৰ সলনি দুখহে কঢ়িয়াই আনিছে ৷ প্ৰমিলাৰ স্বামী এগৰাকী সাধাৰণ কৰ্মী ৷ দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলা প্ৰমিলা দাস বৰ্তমান আৰ্থিক সংকটৰ বলি হৈছে ৷ অৰ্থনৈতিক ভাৱে জুৰুলা ঘৰখনে প্ৰমিলাক আন্তঃৰাষ্ট্ৰীয় খেলখনত অংশগ্ৰহণত কৰাত সহায় কৰিবলৈ অপাৰগ হৈছে ৷ ফলত কেমেৰাৰ সন্মুখতে সহায়ৰ হাত বিচাৰি হুকহুকাই কান্দি উঠিছে খেলুৱৈগৰাকী ৷

বিগত সময়ত মহিলাগৰাকীক গাঁৱৰ লোকেও যথেষ্ট সহায় আগবঢ়াই আহিছে ৷ কিন্তু এতিয়া বিদেশলৈ যাবলৈ মোটা অংকৰ ধনৰ প্ৰয়োজন ৷ এতিয়া প্ৰমিলা দাসে বিচাৰিছে ৰাইজৰ সহায় ৷ তেওঁৰ এই যাত্ৰাত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দাসে ৷ এতিয়া সুদক্ষ খেলুৱৈ গৰাকীক অসম চৰকাৰে সহায়ৰ হাত আগবঢ়াব নে নাই সেয়া সময়ত হে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: Students protest : শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰিলে কণ কণ শিক্ষাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.