চামগুৰি, 23 অক্টোবৰ: ৰাজ্য চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহ উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন আচঁনি হাতত লৈছে ৷ বিদ্যালয়ৰ নামত সময়ে বিভিন্ন শিতানৰ ধনৰাশি চৰকাৰে দিয়ে ৷ কিন্তু প্ৰশ্ন এই ধনৰাশিসমূহ বিদ্যালয় উন্নতকৰণত প্ৰয়োগ হয় নে? কিয়নো প্ৰায়ে বিদ্যালয়ৰ নামত অহা ধন শিক্ষকে আত্মসাৎ কৰাৰ খবৰ পোৱা যায়৷
এইবাৰ পুনৰ দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি খোৱাৰ অভিযোগ উত্থাপন হৈছে এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে । একাধিক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত গেৰুৱাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাহাৰুল ইছলামৰ বিৰুদ্ধে । বিদ্যালয়খনৰ নামত অহা বিভিন্ন শিতানৰ পৰা প্ৰধান শিক্ষকগৰাকীয়ে প্ৰায় ২০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে ।
লগতে প্ৰধান শিক্ষক বাহাৰুলৰ এনে কু কাণ্ডৰ বিৰুদ্ধে উচিত তদন্তৰ আশা কৰি খাটোৱাল আৰক্ষী থানাত স্থানীয় ৰাইজে দাখিল কৰিছে এখন এজাহাৰ । বিগত দিনবোৰত শিক্ষকগৰাকীয়ে গেৰুৱাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামত অহা জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ, ফুলনি বাগিচাৰ নামত অহা ধন, ছাত্ৰ-ছাত্ৰীৰ খাদ্যৰ নামত অহা ধনেই নহয় বিদ্যালয়খনৰ এটি পুৰণি গৃহত কেৱল মাত্ৰ ৰং সানিয়েই মেৰামতিৰ নামত অহা সৰ্বমুঠ ২০ লাখ টকা আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে (Principal Accused of embezzling money)।
আনকি প্ৰধান শিক্ষকগৰাকীয়ে এনে দুৰ্নীতি সংঘটিত কৰিবৰ বাবেই স্থানীয় ৰাইজক উপেক্ষা কৰি বিদ্যালয়খনৰ পৰা বহু দূৰৈৰ একাংশ লোকৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজাহাৰকাৰীজনে । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃততে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহ কিমান সত্য নে সকলোবোৰ ভিত্তিহীন ৷
লগতে পঢ়ক: AP Vigilance Raid : ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ