ETV Bharat / state

Primary TET teachers of Assam: গুণোৎসৱৰ গ্ৰেড চাই চাকৰি নিয়মীয়াকৰণৰ বিৰোধিতা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

author img

By

Published : Mar 2, 2023, 11:28 AM IST

বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবীত সৰৱ হৈ পৰিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ । নগাঁও প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰি চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিলে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে (Primary TET teachers protest at Nagaon Press Club) । লগতে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত গুণোৎসৱ মাপকাঠি হ'ব নোৱাৰে বুলিও কৰিলে মন্তব্য ।

Primary TET pass teachers protest at Nagaon Press Club
টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিবাদ

নগাঁও, 1 মাৰ্চ : প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে নগাঁও প্ৰেছ ক্লাৱত আয়োজন কৰে এখন সংবাদ মেলৰ ৷ সংবাদ মেলখনত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবী জনালে চৰকাৰক ৷ (Primary TET teachers press meet at Nagaon Press Club) ৷

বিদ্যালয় এখনৰ ছাত্ৰ ছাত্ৰীৰ পাৰিদৰ্শিতা, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, বিদ্যালয়ৰ আন্তঃগাঁথনি আদি সকলো দিশ সামৰি প্ৰদান কৰা হয় গুণোৎসৱৰ গ্ৰেড । এনে ক্ষেত্ৰত গুণোৎসৱ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ মাপকাঠি হ'ব নোৱাৰে । নগাঁও প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি এইদৰে উল্লেখ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে ।

সদৌ অসম প্ৰাৰ্থমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নগাঁও জিলা সমিতিয়ে তেওঁলোকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰণৰ দাবী জনাইছে ৷ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে বুধবাৰে বিয়লি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰখনিত উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষৰ ২০ জানুৱাৰীত ৰাজ্যিক কেবিনেটে গুণোৎসৱ ২০২২ আৰু ২০২৩ বৰ্ষত একেধাৰে দুবাৰ এ গ্ৰেড প্ৰাপ্ত বিদ্যালয় সমূহত কৰ্মৰত ঠিকা ভিত্তিক আৰু ষ্টেট পুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সিদ্ধান্তক ইতিমধ্যে ৰাজ্যপালে অনুমোদন জনাইছে ।

চৰকাৰৰ এই সিদ্ধান্তই প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই সিদ্ধান্ত অনুসৰি কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দিনটো চাকৰিত যোগদানৰ তাৰিখ হিচাপে গণ্য কৰা হ’ব । ফলত এইসকল শিক্ষকে চাকৰিৰ জেষ্ঠ্যতা হেৰুওৱাৰ লগতে দৰমহাৰ ক্ষেত্ৰতো যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব ।

চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰিছে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নগাঁও জিলা সমিতিয়ে (teachers protest at Nagaon Press Club) । অহা ৬ মাৰ্চত কেন্দ্ৰীয় সমিতিয়ে সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সকলো জিলা সমিতিৰ সহযোগত দেশৰ প্ৰধান মন্ত্ৰীলৈ সকলো প্ৰাথমিক টেট উত্তীর্ণ শিক্ষকৰ চহী সম্বলিত এখনি পত্ৰ প্ৰেৰণ কৰিব বুলি নগাঁও জিলা সমিতিৰ নেতৃবৃন্দই ঘোষণা কৰে । বুধবাৰে বিয়লি নগাঁও প্ৰেছ ক্লাৱত (Nagaon Press Club) এক সংবাদ মেলৰ আয়োজন কৰি বিনা চৰ্তে ঠিকাভিত্তিক টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে পৰৱৰ্তী কাৰ্য্যসূচীৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক : Gujarat fishermen lodged in Pakistan: পাকিস্তানত বন্দী গুজৰাটৰ 560 জন মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.