ETV Bharat / state

কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল - কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল

বুধবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঠাল চাং বন শিৱিৰত অনুষ্ঠিত হয় এখন সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ৷

Press Meet on Rhino Poachers
Press Meet on Rhino Poachers
author img

By

Published : Jun 18, 2020, 2:04 PM IST

কলিয়াবৰ, 19 জুনঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতাৰ বিষয়ে এখন সংবাদমেল সম্বোধন কৰে অতিৰিক্ত মুখ্য বন সংৰক্ষক এম.কে যাদৱে ৷ বুধবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঠাল চাং বন শিৱিৰত সংবাদমেলখন অনুষ্ঠিত হয় ৷ সংবাদমেলত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া মুকুল শইকীয়া আৰু বুঢ়া পাহাৰ বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী ৷ উল্লেখ্য যে, কলিয়াবৰ আৰক্ষী তথা বিশেষ কৰ্তব্যৰত বাহিনীৰ সহযোগত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 4 জন অভিযুক্ত চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷

কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল

সংবাদমেলযোগে এম.কে যাদৱে সামূহিক প্ৰচেষ্টাত ৰাষ্ট্ৰীয় উদ্যনখনত গঁড় চিকাৰী প্ৰতিৰোধ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷ জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ সহযোগত মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ এক অভিযানতে অভিযুক্ত চোৰাংচিকাৰী 4 জন আটক হৈছিল ৷ ধৃত অভিযুক্ত কেইজন চামগুৰি কাৱৈমাৰীৰ জমিৰ আলি, কুঠৰীৰ বাবুল আলি, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰী ইংতি আৰু কাংবুৰা টক্বি বুলি জানিব পৰা গৈছে ৷ আটকাধীন অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে 5 ৰাউণ্ড সজীৱ গুলী আৰু 4 টা ম'বাইল ফোনো জব্দ কৰে ৷ জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আটকাধীন লোক কেইজনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ 108ৰ চালকক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.