ETV Bharat / state

প্ৰাক্​ নিৰ্বাচনী হিংসাত উত্তাল চামগুৰি

বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই যেন ক্ৰমশঃ চামগুৰিত গৰম হৈ পৰিছে নিৰ্বাচনী যুঁজ । চামগুৰিৰ শিঙীয়া অঞ্চলত বুধবাৰে নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । শিঙীয়াৰ ফুকনাখাটত কোনো অজ্ঞাত লোকে কংগ্ৰেছৰ পোষ্টাৰ ফলাক কেন্দ্ৰ কৰি কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সূত্ৰপাত হয় সংঘাতৰ ।

author img

By

Published : Mar 18, 2021, 7:39 PM IST

চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা
চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা

চামগুৰি,18 মাৰ্চঃ ৰাজ্যত যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে ৰাজনৈতিক গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে । তাৰ মাজতে বুধবাৰে চামগুৰিত প্ৰথমটো প্ৰাক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ৷ নিশা কংগ্ৰেছৰ পোষ্টাৰ ফলাক লৈ কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজতৰ সংঘাতৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই যেন ক্ৰমশঃ চামগুৰিত গৰম হৈ পৰিছে নিৰ্বাচনী যুঁজ । চামগুৰিৰ শিঙীয়া অঞ্চলত নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । শিঙীয়াৰ ফুকনাখাটত কোনো অজ্ঞাত লোকে কংগ্ৰেছৰ পোষ্টাৰ ফলাক কেন্দ্ৰ কৰি কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সূত্ৰপাত হয় সংঘাতৰ । অভিযোগ অনুসৰি কেইজনমান কংগ্ৰেছ কৰ্মীয়ে চোকা অস্ত্ৰ লৈ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাক ভাবুকি প্ৰদান কৰাৰ লগতে ফুকনাখাটস্থিত ঘৰত আক্ৰমণৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ তৃণমূল নেতা গৰাকীয়ে ।

চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা

ইয়াৰ বিপৰীতে একাংশ বিজেপি কৰ্মীয়েও নিশা দলে-বলে আহি কংগ্ৰেছৰ এটা কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ ফালি লণ্ড-ভণ্ড কৰাৰ লগতে স্থানীয় কেইবাজনো কংগ্ৰেছ কৰ্মীৰ ঘৰলৈ শিলাবৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে । অৱশ্যে নিশাই ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি দুয়োপক্ষই চামগুৰি আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ মোডী-সোণোৱাল চৰকাৰলৈ কংগ্ৰেছৰ পুনৰ 10 টা প্ৰশ্ন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.