কলিয়াবৰ, ২ এপ্ৰিল: নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত 'অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প' (এপার্ট)ৰ কলিয়াবৰৰ কৃষি ভূমিত উন্নত প্ৰজাতিৰ আলু খেতিৰে কৃষিখণ্ডত সাফল্য় অৰ্জন কৰিছে । উল্লেখ্য় যে নগাঁও জিলা কৃষি বিভাগৰ অধীনত তথা এপাৰ্ট আচঁনিৰ উদ্যোগত আৰু কলিয়াবৰ কৃষি চক্ৰৰ সহযোগত কেইবা হেক্টৰ কৃষিভূমিত প্ৰথমবাৰলৈ উন্নত লেডী ৰোজেটা প্ৰজাতিৰ আলু খেতি কৰা হৈছিল (APART)। বহিঃৰাজ্যৰ সিদ্ধিবিনায়ক এগ্ৰ'ফাৰ্ম নামৰ এটা প্ৰতিষ্ঠানে কলিয়াবৰৰ জখলাবন্ধাৰ কেৰিবাকৰি আৰু নলতলিৰ পৰা লেডী ৰোজেটা প্ৰজাতিৰ তিনিশ কুইণ্টল আলু স্থানীয় খেতিয়কৰ পৰা ক্ৰয় কৰে ।
এই প্ৰজাতিৰ আলুৰ পৰাই দুটা খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে এই আলুৰ পৰা মুখৰুচক চিপছ, আলু ভূজিয়া আদি প্ৰস্তুত কৰে (Pottato Cultivation at Kaliabor)। জখলাবন্ধাৰ কেৰিবাকৰিত আত্মসহায়ক গোটৰ জৰিয়তে এপাৰ্ট আঁচনিৰ অধীনত মথুৰা চাহু নামৰ আদৰ্শ কৃষকগৰাকীয়ে ৪ বিঘা কৃষি ভূমিত লেডী ৰোজেটা আলু খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । সিদ্ধি বিনায়ক এগ্ৰ’ফাৰ্ম নামৰ এটি প্ৰতিষ্ঠানে কলিয়াবৰ কেৰিবাকৰিৰ মথুৰা চাহু নামৰ কৃষকজনৰ পৰা ১৪৫ কুইন্টেল আলু বহিঃৰাজ্যত বিক্ৰীৰ বাবে ক্ৰয় কৰে ।
এই ক্ৰয়স্থলীত উপস্থিত থকা কৃষি বিষয়াই সদৰী কৰা মতে, এপাৰ্টৰ তৰফৰ পৰা যোগান ধৰা লেডী ৰোজেটা নামৰ উন্নত জাতৰ আলু খেতিৰ জৰিয়তে উৎপাদিত আলু বহিঃৰাজ্যৰ বিশেষকৈ উত্তৰ প্ৰদেশ,পঞ্জাৱ, হিমাচল প্ৰদেশৰ কৃষকে বিঘাত যদি ৬০ কুইন্টল আলু উৎপাদন কৰি ব্যৱসায় কৰিব পাৰে, তেন্তে অসমীয়া কৃষকেও উন্নত মানৰ জাতসমূহ খেতিত ব্যৱহাৰ কৰি নিজৰ আয় বৃদ্ধি কৰিব নোৱৰাৰ কোনো কাৰণ নাই ।
অসমৰ উৰ্বৰ ভূমিত আলু খেতিৰ ভৱিষ্যত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, পর্যাপ্ত পৰিমাণে পানী যোগান ধৰিব পাৰিলে অসমতো ইয়াৰ উৎপাদন যথেষ্ট বৃদ্ধি হ'ব । উল্লেখ্য় যে কৃষিখণ্ডত সামগ্ৰিক বিকাশ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ অধীনত এনে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।
লগতে পঢ়ক:Assam Govt Recruitment : প্ৰসংগ : অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া; বৰ্তমানেও ৭১১ টা ANM নাৰ্চৰ পদ খালী