ETV Bharat / state

Poor road condition: পথৰ দুৰৱস্থাই জলা কলা দেখুৱাই ৰহাচকীবাসীক - বহি গ’ল ৰহাৰ ৰহাচকীৰ মূল পথ

ৰাজ্যত উন্নয়নৰ ফোপোঁলা স্বৰূপ ৷ পথ মেৰামতিৰ নামত ভেকুভাওনা, ফলত এজাক বৰষুণতেই মূল পথটো বহি যোৱাত যাতায়ত বন্ধ হৈ পৰিছে ৰহাৰ ৰহাচকীত (Road damaged at Raha) ৷

Road damaged at Raha
পথৰ দুৰৱস্থাই জ্বলা-কলা দেখুৱাই ৰহাচকীবাসীক
author img

By

Published : Apr 2, 2023, 8:58 PM IST

পথৰ দুৰৱস্থাই জ্বলা-কলা দেখুৱাই ৰহাচকীবাসীক

ৰহা, 2 এপ্ৰিল: নিশাটোৰ ভিতৰতে নেৰানেপেৰা বৰষুণৰ ফলত বহি গ’ল ৰহাৰ ৰহাচকীৰ মূল পথটো (Road damaged at Raha )৷ ফলত বন্ধ হৈ পৰিছে ৰহাচকী, হাৰিয়ামুখ, বামুণীয়া গাঁও, দুৰ্গাজান আদিকে ধৰি প্ৰায় দহ-বাৰখন গাঁৱৰ জনসাধাৰণৰ যাতায়াত-যোগাযোগ (Poor road condition) ৷ 2004 চনত কলং নদীৰ প্ৰলয়ংকৰী বানৰ পিচতেই ৰহাচকীৰ পথটোৰ এটা অংশ একেবাৰে বহি গৈছিল ৷ ইয়াৰ পিচতে প্ৰায় প্ৰতি বছৰে কলঙৰ বাঢ়নি পানীয়ে বিধ্বস্ত কৰি আহিছে পথটো ৷ শেহতীয়াকৈ যোৱা বানে সমগ্ৰ পথটো তচনচ কৰি দিয়ে ৷

কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত পথটোৰ স্থায়ী মেৰামতি নকৰিলে ৷ পথটো মেৰামতিৰ নামত লোকনিৰ্মাণ বিভাগে মাজে সময়ে দুই-তিনি ট্ৰাক মাটি পেলাই যদিও পুনৰ এজাক বৰষুণতেই পথটোৰে লোক অহা যোৱা কৰিব নোৱাৰা অৱস্থা হয় ৷ সম্প্ৰতি পথটো একাংশ বিষয়াৰ বাবে খীৰতী গাইত পৰিণত হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

শেহতীয়াকৈ জলসম্পদ বিভাগে পথটোত অলপ মাটি পেলাইছিল যদিও শুকুৰবাৰে নিশাৰ ভিতৰতে ৰহাচকীত পথটোৰ অধিকাংশ বহি যায় ৷ ফলত যান বাহন চলাচল বন্ধ হৈ পৰিছে পথটোত ৷ কিন্তু অদ্যপি বিভাগীয় কোনো বিষয়া-কৰ্মচাৰী উক্ত স্থানত উপস্থিত হোৱা নাই ৷

ক্ষোভিত স্থানীয় লোকে কয় যে, যোৱা 18 বছৰ ধৰি পথটোত বাৰে বাৰে মাটি উঠোৱা হয় যদিও বাৰে বাৰে পথটো বানত বিধ্বস্ত হয় ৷ এই পথটোত এজাক বৰষুণতেই ইমানেই বোকা হয় যে গাঁৱৰ লোকে অহা যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হয় ৷ গাঁওখনৰ বহু নিৱনুৱা যুৱকে ই-ৰিক্সা, অ’টো চলাই নিজৰ দৈনন্দিন উপাৰ্জন আহৰণ কৰি আছে ৷ এই পথটো এনেদৰে বন্ধ হৈ গ’লে সেইকেইটা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হয় ৷

‘‘আমি চৰকাৰক কৰযোৰে প্ৰাৰ্থনা কৰিছো এই পথটোৰ মেৰামতিৰ স্থায়ী সমাধান কৰি দিলে আমি নথৈ আনন্দিত হম ৷ প্ৰতিবাৰে বানত আমাৰ পৰিয়ালবোৰে বহুতো হাৰাশাস্তি ভুগিবলগীয়া হয় ৷ এইবাৰো যে নহ’ব তাৰো কোনো মানে নাই ৷" এগৰাকী লোকে কয় ৷

উল্লেখ্য যে, অচিৰেই পথটো মেৰামতি নকৰিলে আগন্তুক বাৰিষাত কলঙৰ বানে ৰহা চহৰকে ধৰি নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলা বুৰাই পেলাব সেয়া নিশ্চিত হৈ পৰিছে (locals demand road construction) ৷ সেয়ে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় লোকে ৷ অন্যথা অঞ্চলবাসীৰ পানীত হাঁহ নচৰা হ'ব বুলি আশংকা প্ৰকাশ কৰিছে আতংকিত স্থানীয় লোকে ৷

লগতে পঢ়ক: CRIYN in Dibrugarh: ডিব্ৰুগড়ত স্থাপন হ'ব যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.