ETV Bharat / state

দুৰ্বল মথাউৰিক লৈ শংকিত নগাঁৱৰ লাওখোৱাবাসী

সমাগত বাৰিষা ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে বিপৰ্যয় নামি আহিব নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া বৃহত্তৰ লাওঁখোৱা অঞ্চলবাসী ৰাইজলৈ । দুৰ্বল মথাউৰিক লৈ শংকিত বৃহত্তৰ লাওঁখোৱাবাসী ।

poor embankment laokhola nagaon etv bharat news
দুৰ্বল মথাউৰিক লৈ শংকিত নগাঁৱৰ লাওখোৱাবাসী
author img

By

Published : Apr 29, 2020, 6:14 PM IST

নগাঁও,29 এপ্ৰিলঃ মেৰামতিৰ অভাৱত সম্প্ৰতি বিধ্বস্ত নগাঁও জিলাৰ লাওঁখোৱা সংলগ্ন উপ-মথাউৰি ৷ বিগত বাৰিষাত বানাক্ৰান্ত ৰাইজৰ কাষত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ মথাউৰিৰ মেৰামতি সন্দৰ্ভত ৰাইজক বহুতো আশ্বাস-প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেয়া আজিও হৈ থাকিল প্ৰতিশ্ৰুতি । মূল মথাউৰিটোৰ সৈতে সংলগ্ন লাওঁখোৱা তিনিআলিৰ সমীপৰ পৰা ভগামুখ অভিমুখী উপ-মথাউৰিটোৰ বিধ্বস্ত অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো । উপ-মথাউৰিটোত সৃষ্টি হৈছে বৃহৎ ফাঁট,যাৰ ফলত চৰম ভাবুকিৰ সৃষ্টি হৈছে লাওঁখোৱাৰ নৈপৰীয়া ৰাইজৰ মাজত ।

দুৰ্বল মথাউৰিক লৈ শংকিত নগাঁৱৰ লাওখোৱাবাসী

আনহাতে, বাৰিষা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ বৃদ্ধি পালে এই ফাঁটসমূহৰে পানী নিগৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । লাওঁখোৱাৰ ৩নং ভূৰবন্ধাত খৰালিৰ পৰিৱৰ্তে লক্ ডাউনৰ কেইদিনমান পূৰ্বৰ পৰা আৰম্ভ কৰা মূল মথাউৰি মেৰামতিৰ কামক কেন্দ্ৰ কৰি চৰম অসন্তুষ্টিয়ে ঠাই পাইছে নৈপৰীয়া অঞ্চলটোৰ একাংশ ৰাইজৰ মাজত । মেৰামতিৰ নামত সংশ্লিষ্ট বিভাগে পুৰণি মূল মথাউৰিটোত মাত্ৰ নতুন মাটি পেলাই দায়িত্ব সামৰাৰ প্ৰয়াস কৰাৰ প্ৰতি যথেষ্ট সন্দেহ ঘনীভূত হৈছে স্থানীয় লোকৰ মাজত ৷

লগতে চাওকঃ কেমেৰাৰ সন্মুখতে বাইক চোৰৰ ডেমষ্ট্ৰেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.