বঢ়মপুৰ, 2 ছেপ্তেম্বৰ : আৰক্ষী আৰু সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে কামপুৰৰ শতাধিক যুৱক-যুৱতীয়ে । কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বুধবাৰে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ প্ৰচেষ্টাত ১০ দিনীয়া কাৰ্যসূচীৰে আৰক্ষী নিয়োগ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হয় ।
কামপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই শিবিৰত অনুশীলনত অংশগ্ৰহণ কৰে বহু যুৱক-যুৱতীয়ে । সকলোৰে উদ্দেশ্য এটাই আৰক্ষী আৰু সেনা বাহিনীত যোগদান কৰি দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱা আৰু সেই উদ্দেশ্যে বিধায়কৰ প্ৰচেষ্টাত অনুশীলনৰ আৰম্ভ কৰে ।
উল্লেখযোগ্য যে, বুকুত অদম্য সাহস আৰু আশা বান্ধি যুৱক-যুৱতীসকলে কঠোৰ অনুশীলন কৰিছে ৷ যাতে অসম আৰক্ষী অথবা সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াব পাৰে । আনহাতে বঢ়মপুৰ সমষ্টিত বুধবাৰৰ পৰা পাঁচটা স্থানত পাঁচটা শিবিৰ স্থাপন কৰাত প্ৰায় ৫ হাজাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : জৈৱ গেছৰ প্ৰসাৰৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ই-কনক্লেভ