নগাঁও,16 জুন : চোৰাং সোণৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত নগাঁৱৰ আৰক্ষী বিষয়াৰ ঘৰত অভিযান চলিল আৰক্ষীৰ । মঙলবাৰে গুৱাহাটীত আৰক্ষীয়ে অভিযান চলাই প্ৰায় পঞ্চাছ লাখ টকাৰ চোৰাং সোণ জব্দ কৰে ৷ লগতে গুডলাক কুৰিয়াৰৰ এজন কৰ্মচাৰীক আটক কৰাৰ পিছত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই আৰক্ষী বিষয়াৰ চৰকাৰী বাসগৃহত ।
ৰে’ল আৰক্ষীত কৰ্মৰত উপ পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱাটিৰ আৰক্ষী পত্নী বৰ্ণালী বৰাৰ চৰকাৰী আৱাসগৃহত মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীৰ দলে । আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰাৰ লগতে সোণ জব্দ কৰিবলৈও সক্ষম হয় অভিযানকাৰী দলটোৱে ৷
ইফালে ধৃত কুৰিয়াৰৰ কৰ্মচাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ বিকানীৰ জুৱেলাৰী নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই আৰক্ষীয়ে । বিকানীৰ জুৱেলাৰীত অভিযান চলাই আৰক্ষীৰ দলটোৱে প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পুত্ৰ ৰাম অৱতাৰ মনিহাৰক আটক কৰি গুৱাহাটীলৈ লৈ যায় ।
লগতে পঢ়ক: ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল