ETV Bharat / state

Mosco Saikia Passes Away : সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়া আৰু নাই

author img

By

Published : Dec 19, 2021, 12:20 PM IST

পুনৰ ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে অজান দেশলৈ গুচি গ’ল সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়া (Police Officer Mosco Saikia Passes Away) ৷ মঙলদৈ সদৰ থানা (Mangaldai Police station)ৰ আৰক্ষী পৰিদৰ্শকৰূপে কৰ্মৰত আছিল প্ৰয়াত শইকীয়া ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শনিবাৰে আকস্মিক মৃত্যুক আঁকোৱালি লয় আৰক্ষী বিষয়াগৰাকীয়ে ৷

Kaliabor Press Club
সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়া আৰু নাই

কলিয়াবৰ, 19 ডিচেম্বৰ : সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়া আৰু নাই (Police Officer Mosco Saikia Passes Away) ৷ শনিবাৰে মঙলদৈ সদৰ থানাৰ আৰক্ষী পৰিদৰ্শকৰূপে কৰ্মৰত আছিল প্ৰয়াত শইকীয়া ৷ মঙলদৈ সদৰ থানা (Mangaldai Police station)ৰ আৰক্ষী পৰিদৰ্শক মস্কো শইকীয়াই দায়িত্ব পালন কৰি থকা অৱস্থাতেই শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হয় ৷

ফলত ততাতৈয়াকৈ শইকীয়াক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Gauhati Medical College Hospital) ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু নিশাৰ ভাগত স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰক্ষী বিষয়াগৰাকীৰ ৷ চিকিৎসাধীন অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে মস্কো শইকীয়াই ।

Police Officer Mosco Saikia

এগৰাকী সুদক্ষ, মৃদুভাষী, সৰবৰাহী তথা সংস্কৃতিবান আৰক্ষী বিষয়াৰ এনে আকস্মিক মৃত্যুত গৃহভূমি কলিয়াবৰত পৰিছে শোকৰ ছাঁ ।

কলিয়াবৰৰ সু-সন্তান, সংস্কৃতিবান আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যুত কলিয়াবৰ প্ৰেছ ক্লাব (Kaliabor Press Club), প্ৰাক্তন আছু সচেতন মঞ্চ, চিত্ৰলেখা ড্ৰামা প্ৰডাকছন, হাটবৰ কেন্দ্ৰীয় নাট্য সমাজকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, অন্যান্য ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে । আনকি এইগৰাকী সুদক্ষ আৰক্ষী বিষয়াৰ মৃত্যুত কৰ্মক্ষেত্ৰ মঙলদৈতো শোকৰ ছাঁ পৰিছে । মঙলদৈৰ বিভিন্ন দল-সংগঠন আৰু বিভিন্ন লোকে শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনা কৰিছে ।

লগতে পঢ়ক : Mahesh Chandra Bhuyan passes away : শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞা আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.