নগাঁও,১৪ এপ্ৰিল : অৱশেষত পূৰণ হ'ল মধ্য অসমবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন । মধ্য অসমৰ নগাঁৱত শুকুৰবাৰৰ পৰা মুকলি হ'ল নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল । গৰু বিহুৰ দিনাই গুৱাহাটীৰ চাংসাৰিৰ পৰাই ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মধ্য অসমবাসীৰ বাবে শুভ উদ্বোধন কৰে নগাঁও চিকিৎসা মহাবিদ্যালয় (Inauguration of Nagaon Medical College)। উল্লেখ্য যে, মধ্য অসমত উন্নত চিকিৎসাৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰিছিল নগাঁওবাসীৰ লগতে চুবুৰীয়া জিলাসমূহৰ ৰাইজে ।
কিছুদিন পূৰ্বেলৈকে মধ্য অসমৰ ৰোগীৰ একমাত্ৰ ভৰষা আছিল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় । কিন্তু সংকটজনক ৰোগী অথবা কোনো জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে উন্নত চিকিৎসাৰ বাবে যাবলগীয়া হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ । যাৰ সুযোগ গ্ৰহণ কৰিয়েই নগাঁৱত গঢ়ি উঠিছিল বহুকেইখন ব্যক্তিগত হাস্পতাল । কিন্তু অৰ্থৰ অভাৱত ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বহু ৰোগীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া অৱস্থাৰো সৃষ্টি হৈছিল ।
এনে পৰিস্থিতিত পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ যুদ্ধকালীন তৎপৰতাৰ বাবেই কম সময়তে সম্ভৱ হৈ উঠিল নগাঁও মেডিকেল কলেজ হাস্পতাল । উল্লেখ্য যে, নগাঁও মেডিকেল কলেজ কম সময়তে সম্পূৰ্ণ হোৱাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰো আছে গুৰুত্বপূৰ্ণ ভূমিকা । কেইদিনমান পূৰ্বৰ পৰাই নগাঁও মেডিকেল কলেজৰ বহিঃবিভাগকে ধৰি কেইবাটাও বিভাগৰ চিকিৎসা পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল যদিও শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নগাঁও চিকিৎসা মহাবিদ্যালয় ।
গুৱাহাটীৰ চাংসাৰিত এইমছ মুকলি কৰাৰ সময়তে চাংসাৰিৰ পৰাই ভাৰ্চুৱেলী নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi inaugurates Nagaon Medical College)। নগাঁও চিকিৎসা মহাবিদ্যালয় উদ্বোধনৰ সময়ত ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ (Nagaon Medical College and Hospital) মুকলিয়ে নগাঁওবাসীৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধনৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনত বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক লীনা দলে, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্তৰ উপৰিও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা আৰু বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :AIIMS in Guwahati: গৰু বিহুৰ দিনাই গুৱাহাটীত মুকলি হ’ল এইমছ