ETV Bharat / state

কৃষক সন্মান নিধিৰ তালিকাত পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ৰ নাম ! - মহাত্মা গান্ধী গ্ৰাম ৰোজগাৰ যোজনা

পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়ত সভানেত্ৰীয়ে কৃষকক বঞ্চিত কৰি পৰিয়ালৰ সদস্যক অন্তৰ্ভূক্ত কৰিছে ৷

pm kishan nidhi scam kaliabar nagaon assam etv bharat news
হিতাধিকাৰীৰ তালিকাত বহিৰাগতৰ নাম
author img

By

Published : May 10, 2020, 2:55 PM IST

কলিয়াবৰ,10 মে’ঃ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ প্ৰকাশিত হিতাধিকাৰীৰ তালিকাত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰৰ ৰহধলা গাঁও পঞ্চায়তৰ শিৱস্থান গাঁৱৰ সদস‍্যা অনিতা শইকীয়া ওৰফে জানমণিৰ পৰিয়ালৰ অধিকাংশ লোকৰে নাম আঁচনিখনৰ অধীনৰ হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হোৱাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ ৷ গাঁৱখনৰ অধিকাংশ খাটি খোৱা কৃষকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ বিপৰীতে একাংশ পৰিয়ালৰ একাধিক সদস‍্য তালিকাভুক্ত হোৱাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে ৷

হিতাধিকাৰীৰ তালিকাত বহিৰাগতৰ নাম

আনহাতে, গাঁৱখনৰ কেইবাগৰাকী ব‍্যক্তিৰ নাম মহাত্মা গান্ধী গ্ৰাম ৰোজগাৰ যোজনাৰ তালিকাভুক্ত যদিও লোক কেইজনৰ বেংক একাউণ্টত আজিকোপতি এটকাও জমা হোৱা নাই ৷ ইতিমধ‍্যে এই কেলেংকাৰীৰ সন্দৰ্ভত গাঁৱবাসীয়ে কলিয়াবৰৰ মহকুমাধিপতিৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ৷

লগতে চাওকঃ ৰেচনকাৰ্ডৰ উপভোক্তাই কেনেকৈ পালে আৰ্থিক সাহায্য !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.