ETV Bharat / state

লক ডাউনৰ বাবে মৰিগাঁৱৰ এজন দিব্যাংগ ব্যক্তিৰ অসহায় অৱস্থা - বিধায়ক ৰমাকান্ত দেউৰীক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান

বিগত প্ৰায় 2 মাহ ধৰি বাহাল থকা লক ডাউনৰ বাবে একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এগৰাকী দিব্যাংগ ব্যক্তিৰ ৷ মৰিগাঁও বিধান সভা সমষ্টিৰ বাৰপূজীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ বাসিন্দা এই গৰাকী দিব্যাংগ ব্যক্তি হৈছে ভাগ্যবান দাস ৷

Pethetic condition of a specially abled man of Morigaon
লক ডাউনৰ বাবে মৰিগাঁৱৰ এজন দিব্যাংগ ব্যক্তিৰ অসহায় অৱস্থা
author img

By

Published : May 17, 2020, 7:26 PM IST

ৰহা,17 মে': লক ডাউনৰ বাবে দিশহাৰা হোৱা ৰহাৰ বাৰপূজীয়াৰ এজন বিশেষ ভাৱে সক্ষম ব্যক্তিৰ কৰুণ জীৱন গাঠা ৷ বিগত প্ৰায় 2 মাহ ধৰি বাহাল থকা লক ডাউনৰ বাবে একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এগৰাকী দিব্যাংগ ব্যক্তিৰ ৷ মৰিগাঁও বিধান সভা সমষ্টিৰ বাৰপূজীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ বাসিন্দা এই গৰাকী দিব্যাংগ ব্যক্তি হৈছে ভাগ্যবান দাস ৷

উল্লেখ্য যে, প্ৰায় চাৰিবছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাই পেলোৱা এই গৰাকী ভাগ্যবান দাসে বহু কষ্টৰ মাজেৰে পাৰ কৰিব লগীয়া হৈছে জীৱনৰ কন্টকময় পথ ৷ অতি কম বয়সতে পিতৃ-মাতৃৰ মৃত্যু হোৱাত অৱশেষত যাত্ৰীবাহী ৰেল সমূহত উঠি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে ৰেলযাত্ৰীৰ ওচৰত সহায় বিছাৰি দৈনিক উপাৰ্জন কৰি আহিছিল ভাগ্যবানে৷ কিন্তু লক ডাউনৰ বাবে যেন হৰ্ঠাৎ ভাগ্যবানৰ জীৱনলৈ আগমন ঘটিল চৰম দুৰ্ভাগ্যৰ ৷ লক ডাউনৰ বাবে সকলো ধৰণৰ ৰেলৰ চলাচল বন্ধ হৈ পৰাত এতিয়া উপাৰ্জনৰ পথ হেৰুৱাই অসহায় হৈ পৰিছে 1993 চনৰ পৰাই ৰেল যাত্ৰীৰ পৰা উপাৰ্জন কৰি এমুঠি আহাৰ যোগাৰ কৰি থকা ভাগ্যৱান দাস ৷

লক ডাউনৰ বাবে মৰিগাঁৱৰ এজন দিব্যাংগ ব্যক্তিৰ অসহায় অৱস্থা

পৰিতাপৰ বিষয় যে, প্ৰায় 26 বছৰৰ পূৰ্বেই পিতৃ মাতৃক হেৰুৱাই দিশহাৰা হোৱা এই গৰাকী বিব্যাংগ ব্যক্তিয়ে আজি পৰ্যন্ত চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৰা কোনো চৰকাৰী উন্নয়নমূলক আঁচনিৰ লাভ কৰা নাই ৷ এই কথা জনালে খোদ ভাগ্যৱান দাসে ৷ব্যক্তিজনে জনোৱা অনুসৰি 1996 চনতে তেঁও এটা চৰকাৰী গৃহ লাভ কৰিছিল যদিও বৰ্তমান সময়ত ঘৰটোৰ অৱস্থা অতি তথৈবছ ৷ ভাগ্যবান দাসে জনোৱা অনুসৰি সমাজ কল্যাণ বিভাগৰ আঁচনি পাবলৈ সাঁচতীয়া ধন ভাঙি পূৰ্বতে একাধিকবাৰ আবেদন জনাইছিল যদিও আজি পৰ্যন্ত কোনো আঁচনিয়ে ঢুকি নাপালে তেঁওক ৷ তাতোকৈ পৰিতাপৰ বিষয় এইয়ে যে, ভাগ্যৱান দাসৰ ঘৰৰ পৰা কপিলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ দূৰত্ব প্ৰায় তিনিশ-চাৰিশ মিটাৰ আৰু কপিলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ দূৰত্ব প্ৰায় পাঁচশ মিটাৰ ৷ কিন্তু ইয়াৰ পাছতো এইজন দিব্যাংগই নাপাই চৰকাৰী আঁচনি আৰ্থিক সাহাৰ্য অথবা অনুদান ৷ যিটো সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দিব্যাংগ সকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে যদিও ভাগ্যৱান দাসে কিয় এইবোৰ আঁচনি লাভ নকৰে সেয়া গুৰুত্বপূৰ্ণ বিষয় ৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ধুবুৰীত গ্ৰাহক সেৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.