নগাঁও,14 ছেপ্টেম্বৰ : ৰাজ্যত চলি থকা বগা চাউলৰ ক’লা বেহাৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰিব ৷ আনকি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনতো চাউল কেলেংকাৰীক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ৷ সমান্তৰালভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বগা চাউলৰ ক’লা বেহাৰ ন ন তথ্য পোহৰলৈ আহিছে ৷
এইবাৰ নগাঁৱৰ একাংশ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ বিৰুদ্ধে চাউল কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷ কাৰণ নগাঁৱৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । সেয়ে বুধবাৰে চাউল যোগানত দুৰ্নীতিৰ অভিযোগত তুলি হিতাধিকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কৰৈয়নী হেঙুলী চুকত ৷ ৰাইজে ঘেৰাও কৰিলে সুলভ মূল্যৰ দোকান ৷
দুখীয়াৰ বাবে চৰকাৰে আৱণ্টন দিয়া চাউল হৰলুকী কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ একাংশ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ বিৰুদ্ধে । বুধবাৰে সন্ধিয়া এনে অভিযোগক কেন্দ্ৰ কৰি নগাঁও জিলাৰ কৰৈয়নী হেঙুলী চুকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । হেঙুলী চুকৰ ৰাইজে চম্পক বৰা নামৰ সুলভ মূল্যৰ দোকানীজনে চাউল বিতৰণ নকৰাক লৈ দোকান ঘেৰাও কৰে ৰাইজে । সমবায়ৰ পৰা চাউল আৱণ্টন নোহোৱাৰ দোহাই দি দোকানীজনে চাউল বিতৰণ কৰা নাছিল ৷ কিন্তু সমবায়ে প্ৰতিমাহেই দুখীয়া হিতাধিকাৰীৰ বাবে চাউল আৱণ্টন দিয়াৰ খবৰ পোৱাৰ পাচতে ৰাইজ খৰ্গহস্ত হৈ পৰে ৷ ফলত চম্পক বৰাৰ সুলভ মূল্যৰ দোকান ঘেৰাও কৰে উত্তেজিত ৰাইজে ৷
ৰাইজৰ অভিযোগ অনুসৰি যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত হিতাধিকাৰীক চাউল বিতৰণ কৰা নাই চম্পক বৰাই । একাংশ ৰাইজৰ মতে ডিফলু সমবায় সমিতিৰ একাংশ বিষয়ববীয়াৰ সহযোগত এই চাউল ক'লা বজাৰত বিক্ৰী কৰা হৈছে । ইফালে ৰাইজৰ অভিযোগক নস্যাৎ কৰিছে দোকানী চম্পক বৰাই।
লগতে পঢ়ক:BP Civil Hospital Nagaon : নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয় পৰ্যবেক্ষণ মানৱ অধিকাৰ কৰ্মীৰ