ETV Bharat / state

কপিলী শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীৰ পূজা-অৰ্চনা - খহনীয়াৰ ফলত কপিলী নৈ

কপিলী নৈ শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীয়ে কৰিলে পূজা-অৰ্চনা, নাম-কীৰ্তন ৷ দুটাকৈ বানে সৰ্বস্বান্ত কৰা কামপুৰবাসী অৱশেষত শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত ৷

Erosion at Kampur
কপিলী শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীৰ পূজা-অৰ্চনা
author img

By

Published : Jul 10, 2022, 4:57 PM IST

বঢ়মপুৰ, 19 জুলাই : দুটাকৈ বানে জুৰুলা কৰি নিয়াৰ পাছত এতিয়াও বিপদে লগ এৰা নাই কামপুৰৰ বানাক্ৰান্তক (Kampur flood situation)। বানে সৰ্বহাৰা কৰা কামপুৰবাসীৰ মাজত এতিয়া দেখা দিছে ন ন সমস্যাই । শেহতীয়াকৈ খহনীয়াৰ কবলত পৰিছে কামপুৰ বকুলগুৰি (Erosion at Kampur)।

খহনীয়াৰ ফলত কপিলী নৈত জাহ গ'ল তিনি কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিঅ' বেগৰ মাথাউৰি (Kopili river Embankment)। সেয়েহে কপিলীক শান্ত কৰিবলৈ বকুলগুৰি মথাউৰিত ৰাইজে কৰিলে পূজা-অৰ্চনা । কামপুৰ বকুলগুৰিত কপিলীৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ নেদেখাজনৰ ওচৰত কৰে পূজা-অৰ্চনা ৷

কপিলী শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীৰ পূজা-অৰ্চনা

কপিলী নদীত ফুল, তুলসী, ধূপ-ধূনা আৰু গাখীৰ প্ৰদান কৰি পূজা-অৰ্চনাৰ লগতে নাম-প্ৰসংগ কৰে কপিলীপৰীয়া ৰাইজে ৷ উল্লেখ্য যে, বানৰ পাছত কপিলী নদীত জাহ গ'ল বকুলগুৰিৰ ৩ কোটি ৬০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা মথাউৰিৰ লগতে কামপুৰ বকুলগুৰি সংযোগী পকী পথটো ৷ জলসম্পদ বিভাগক শীঘ্ৰে মথাউৰিটো পুনৰ নিৰ্মাণকৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: মাজুলীৰ ৰঙাচাহীত পুখুৰীত পৰি ছাত্ৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.