ETV Bharat / state

লক্ ডাউনে উপায়হীন কৰিছে এইসকলক !

author img

By

Published : Apr 4, 2020, 6:44 PM IST

কৰ'ণা ভাইৰাছৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ঘোষণা কৰা লক্ ডাউনৰ শনিবাৰে 11 দিন হ'ল ৷ লক্ ডাউনৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে একাংশ লোকৰ ৷

people facing lively problem due to lock down

ৰূপহী, 4 এপ্ৰিল : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা মতে ঘৰৰ পৰা ওলাব পৰা নাই জনসাধাৰণ । এই নিৰ্দেশনা সফল কৰি তুলিবলৈ গৈ এতিয়া বিমোৰত পৰিছে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ জুৰীয়াৰ একাংশ লোকে ৷

লক্ ডাউনে উপায়হীন কৰিছে এইসকলক

নিয়মীয়া প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে ঔষধ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে এই পৰিয়াল সমূহে ৷ অত্যাৱশ্যকীয় সামগ্ৰী সমূহ কিনিবলৈ হাতত নাই সাঁচতীয়া ধন ৷ বেলেগৰ গাড়ী চলাই, লোকৰ ঘৰত কাম কৰি চলা একাংশ পৰিয়ালৰ এতিয়া দূৰ্বিসহ অৱস্থা ৷ প্ৰথম কেইদিনমান যেনে তেনে চলিছিল যদিও এতিয়া আৰু উপায়হীন হৈ পৰিছে এই পৰিয়াল কেইটা ৷ চৰকাৰৰ পৰা চাউল পাইছে যদিও বাকী আৱশ্যকীয় সামগ্ৰী নোহোৱা হৈ পৰাত উৱাদিহ নোপোৱা হৈছে পৰিয়াল কেইটাই ৷ এফালে উপাৰ্জন হীনতা আনফালে সামগ্ৰীৰ নাটনি ৷ তাৰ মাজতে আনৰ হাতলৈ-মুখলৈ চাবলৈ বাধ্য হৈছে এইসকল লোক ৷

লগতে পঢ়ক : দুলীয়াজানত আটক শিৱসাগৰৰ আইচ'লেশ্যন ৱাৰ্ডৰ পৰা পলায়ন কৰা যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.