নগাঁও,22ডিচেম্বৰ: অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব এটা বছৰে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে যদিও ন্যায়পালিকাৰ ওপৰত আস্থা আছে। এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ ৷ মঙলবাৰে নগাঁও সদৰ সমষ্টি কমিটি গঠনৰ উদ্দেশ্যে নগাঁৱৰ পেঞ্চন ভৱনত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে ৰাজু বৰাই।
ইফালে আগন্তুক বিধানসভাৰ নিৰ্বাচনত অখিল গগৈয়ে প্ৰতিদন্দিতা কৰা বিষয় সন্দৰ্ভতো মন্তব্য কৰে নেতা গৰাকীয়ে ৷ শিৱসাগৰবাসীক অখিল গগৈয়ে উপেক্ষা নকৰি আগন্তক বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাই অধিক বুলি মন্তব্য কৰে ৰাজু বৰাই । উক্ত সভাতে ৰাইজৰ দলৰ নগাঁও সদৰ সমষ্টি কমিটিখনো গঠন কৰা হয় ৷
লগতে পঢ়কঃ সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়