ETV Bharat / state

মুকুতাৰ খেতিৰে স্বাৱলম্বী হোৱা ৰুলেন হাজৰিকা

author img

By

Published : Mar 31, 2021, 6:07 AM IST

মুকুতাৰ খেতিৰে স্বাৱলম্বী হোৱা বটদ্ৰৱাৰ ৰুলেন হাজৰিকাই লাভ কৰিছে আন এক সফলতা । বটদ্ৰৱা থানত ফাল্গুৎসৱ মেলাত নিজৰ উৎপাদিত সামগ্ৰীৰ বিপনি মুকলি কৰে ৰুলেন হাজৰিকাই ।

pearl-farming-story
মুকুতাৰ খেতিৰে স্বাৱলম্বী হোৱা ৰুলেন হাজৰিকাৰ কথাৰে...

চামগুৰি, 30 মাৰ্চ : মুকুতাৰ খেতিৰে স্বাৱলম্বী হোৱা বটদ্ৰৱাৰ ৰুলেন হাজৰিকাই লাভ কৰিছে আন এক সফলতা । বটদ্ৰৱা থানত ফাল্গুৎসৱ মেলাত নিজৰ উৎপাদিত সামগ্ৰীৰ বিপনি মুকলি কৰে ৰুলেন হাজৰিকাই । মনত প্ৰবল ইচ্ছা আৰু একাগ্ৰতা থাকিলে জীৱনৰ বাটত যে কোনো বাধাই হেঙাৰ হব নোৱাৰে তাৰ বাস্তৱ সাক্ষী নগাঁও জিলাৰ বেচামাৰীৰ ৰুলেন হাজৰিকা ।

ৰুলেন হাজৰিকা বিজ্ঞানৰ স্নাতক হোৱাৰ পিছতো চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি নিজে কিবা উৎপাদনৰ বাবে চেষ্টা অব্যাহত ৰাখে । পৰৱৰ্তী পৰ্যায়ত ইউটিউবৰ জৰিয়তে বহিঃৰাষ্ট্ৰত মুকুতাৰ খেতিৰ বিষয়ে গম পাই বাংলাদেশত গৈ প্ৰশিক্ষণ লয় ৷

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত প্ৰথম বিজ্ঞানসন্মত ভাৱে কাণখোলা শামুকেৰে মুকুতাৰ খেতি আৰম্ভ কৰে যুৱকজনে । সংবাদ মাধ্যমৰ যোগে এই বাতৰি লাভ কৰাৰ পিছত মীন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই ৰুলেন হাজৰিকালৈ ষ্টেট বেংকৰ জৰিয়তে সহায়ৰ হাত আগবঢ়ায় । এইবাৰ হাজৰিকাই নিজৰ পুখুৰীত উৎপাদন কৰা মুকুতাৰে বিভিন্ন আ অলংকাৰ প্ৰস্তুত কৰি মঙলবাৰে নগাঁও জিলা মীন বিষয়া ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু মধ্য অসমৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰৱন্ধক ৰঞ্জিত দত্তৰ উপস্থিতিত গ্ৰাহকলৈ মুকলি কৰি দিয়ে । ৰুলেন হাজৰিকাৰ এনে সাফল্যৰ শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.