ETV Bharat / state

শান্তি সম্প্ৰীতি অটুত ৰখাৰ উদ্দেশ্যে চামগুৰিত অনুষ্ঠিত হ’ল শান্তিসভা - আদিবাসী ছাত্ৰ সন্থা

২০ মাৰ্চ তাৰিখে চামগুৰিৰ বৰদলত সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ ঘটনাক লৈ বড়ো আৰু চাহ জনজাতি- এই দুই সম্প্ৰদায়ৰ মাজত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা ৷ দুয়োটা সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে চামগুৰিত অনুষ্ঠিত কৰা হয় এখন শান্তিসভা(Peace Meeting in Samguri) ।

peace-program-held-at-samaguri
চামগুৰিত অনুষ্ঠিত শান্তিসভা
author img

By

Published : Mar 29, 2022, 9:55 PM IST

চামগুৰি, 29 মাৰ্চ : বিগত ২০ মাৰ্চ তাৰিখে চামগুৰিৰ বৰদলত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। বৰদলৰ নিবাসী মালাকী খালখ নামৰ এজন লোকক গণপ্ৰহাৰ কৰি হত্যাৰ এক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনাই । ইয়াৰ পিছতে এই ঘটনাক ধিক্কাৰ জনাই স্থানীয় বিভিন্ন দল-সংগঠন তথা সচেতন লোকে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীক জনাইছিল দাবী ৷ হত্যাকাণ্ডৰ এই ঘটনাক কেন্দ্ৰ কৰি বড়ো আৰু চাহ জনজাতিৰ লোকসকলেও বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল ৷

চামগুৰিত অনুষ্ঠিত শান্তিসভা

ইফালে হত্যাকাণ্ডৰ এই ঘটনাটোৰ পাছত অঞ্চলতটোত দুই সম্প্ৰদায়ৰ মাজত বিৰাজ কৰা চেপা উত্তেজনাই অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে এখনি শান্তি সভাৰ আয়োজন কৰা হয় (Peace Meeting in Samguri) ।

শান্তি সভাত উপস্থিত থাকে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘৰ লগতে জাতীয় সংগঠন সমূহৰ বিষয়ববীয়াসকল ৷ দুয়োটা সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি অটুট ৰখাৰ বাবে আয়োজিত শান্তি সভাখনত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীও উপস্থিত থাকে ৷

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.