ETV Bharat / state

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীৰ পৰিয়ালৰ প্ৰতিবাদ (Protest at Nagaon Bhogeswari Phukanani Civil Hospital)। চিকিৎসাৰ নামত চিকিৎসক আৰু নাৰ্চে গাফিলতিৰ অভিযোগ ।

Nagaon
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 13, 2022, 12:41 PM IST

নগাঁও,১৩ আগষ্ট : নগাঁও তথা মধ্য অসমৰেই উন্নত চিকিৎসাৰ একমাত্ৰ ভৰসা চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (Tense situation at Nagaon Bhogeswari Phukanani Civil Hospital)। শুকুবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । জানিব পৰা মতে নগাঁৱৰ ম'হখুলিৰ চামিৰণ নেছা নামৰ মহিলাগৰাকীক হাস্পতালখনত বৃহস্পতিবাৰে ভৰ্তি কৰোৱা হৈছিল ।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত মহিলাগৰাকী হঠাৎ অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত । কিন্তু চিকিৎসালয়ত ভৰ্তি হৈ থকা মহিলাগৰাকীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক আৰু নাৰ্চৰ বিৰুদ্ধে । মহিলাগৰাকীক চিকিৎসা প্ৰদানত চূড়ান্ত গাফিলতি কৰাৰ উপৰিও মাত্ৰ এটা বেজী দিয়াৰ বাবদ পৰিয়ালটোৰ পৰা ধন লোৱাৰো গুৰুতৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে (Patient dies due to doctors mistake in Nagaon)।

চিকিৎসক আৰু নাৰ্চৰ গাফিলতিৰ বাবেই শুকুৰবাৰে সন্ধিয়া মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি নিশা পৰিয়ালৰ লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসালয় চৌহদত । মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ লোকে নিশালৈকে চিকিৎসালয়খনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে যদিও চিকিৎসালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই ।

আনকি চিকিৎসালয়খনত নিশা কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসকেও এই সন্দৰ্ভত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে । উল্লেখ্য যে, নগাঁৱৰ একমাত্ৰ উন্নত চিকিৎসালয় হিচাপে পৰিচিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবে এনেদৰে ৰোগীৰ মৃত্যু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

লগতে পঢ়ক :কাৰাগাৰৰ পৰা ওলাল যুৱনেতা আংতং ইংতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.