ETV Bharat / state

বিতৰ্কত নগাঁৱৰ মেট্ৰ’ হাস্পতাল: হাস্পতালখন বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰোগীৰ আত্মীয়ৰ - গুৱাহাটী মেডিকেল কলেজ

নগাঁৱত একাংশই লাভজনক ব্যৱসায়ত পৰিণত কৰিলে পবিত্ৰ চিকিৎসা সেৱাক। ৰোগীৰ জীৱনক লৈ ল'ৰা-ধেমালি অব্যাহত আছে নগাঁৱৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত । নীৰৱ স্বাস্থ্য বিভাগ । ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হ’ল নগাঁৱৰ মেট্ৰ’ হাস্পতাল (Nagaon Metro Hospital)। চিকিৎসালয়খন বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ এগৰাকী মহিলাৰ।

মুখ্যমন্ত্ৰীক হাতযোৰ কৰি নগাঁৱৰ মেট্ৰ’ হস্পিতাল বন্ধ কৰিবলৈ অনুৰোধ এগৰাকী মহিলাৰ
মুখ্যমন্ত্ৰীক হাতযোৰ কৰি নগাঁৱৰ মেট্ৰ’ হাস্পতাল বন্ধ কৰিবলৈ অনুৰোধ এগৰাকী মহিলাৰ
author img

By

Published : Sep 23, 2022, 7:41 PM IST

নগাঁও, 23 ছেপ্টেম্বৰ: স্বাস্থ্য বিভাগৰ নীৰৱতাৰ বাবেই স্বাস্থ্যমন্ত্ৰীৰ(Health minister Keshab Mahanta) গৃহজিলা নগাঁৱত একাংশ চিকিৎসকে এক লাভজনক ব্যৱসায়ত পৰিণত কৰিছে পৱিত্ৰ চিকিৎসা সেৱাক । নগাঁৱৰ একাংশ নাৰ্ছিং হোম, লেবেৰেটলৰীয়ে চিকিৎসা সেৱাক কিদৰে কমিচনৰ এখন বজাৰত পৰিণত কৰিছে সেই বাতৰি ইতিমধ্যেই ই টি ভি ভাৰতকে(ETV Bharat Assam) ধৰি কেবাটাও সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতো যেন গা লৰা নাই স্বাস্থ্য বিভাগৰ ।

যাৰ পৰিণতিত প্ৰায়েই বিতৰ্কৰ সৃষ্টি হয় নগাঁৱৰ একাংশ নাৰ্ছিং হোমত । এইবাৰ বিতৰ্কত সাঙোৰ খাইছে নগাঁও চহৰৰ সমীপত নতুনকৈ আৰম্ভ কৰা এইখন মেট্ৰ' হাস্পতালো । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই হাস্পতালখনত (Nagaon Metro Hospital)। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত চাৰিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল জুৰীয়াৰ দগাঁও শালপাৰাৰ পাৰবিন চুলতানা নামৰ এগৰাকী মহিলাক ।

মুখ্যমন্ত্ৰীক হাতযোৰ কৰি নগাঁৱৰ মেট্ৰ’ হাস্পতাল বন্ধ কৰিবলৈ অনুৰোধ এগৰাকী মহিলাৰ

কিন্তু চিকিৎসালয়খনতে হঠাৎ মহিলাগৰাকী অধিক অসুস্থ হৈ বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় (Patient dead at Nagaon private hospital)। চিকিৎসকৰ গাফিলতিৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে । মেট্ৰ' হাস্পতালখনক মৃত্যু হস্পিতাল আখ্যা দি চিকিৎসালয়খন বন্ধ কৰিবলৈও মুখ্যমন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ জনায় পৰিয়ালৰ লোকে ।

ইপিনে মেট্ৰ' হাস্পতালখনত বৃহস্পতিবাৰে মৃত্যু হোৱা মহিলাগৰাকীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ কথা উল্লেখ কৰি পূৰ্বেই গুৱাহাটী মেডিকেল কলেজলৈ(Gauhati Medical College and Hospital) ৰেফাৰ দিয়া বুলি মন্তব্য কৰে চিকিৎসালয়খনৰ চিকিৎসকে ।

বৃহস্পতিবাৰে নিশা নগাঁৱৰ এইখন মেট্ৰ' হাস্পতালৰ পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকাতে চিকিৎসালয় কৰ্তৃপক্ষই মোতায়েন কৰে আৰক্ষী, অৰ্ধসামৰিক বাহিনী ।

এতিয়া প্ৰশ্ন হয় স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে কিয় বাৰে বাৰে ব্যক্তিগত নাৰ্ছিং হোমৰ বিৰুদ্ধে উত্থাপন হয় এনেধৰণৰ অভিযোগ ? একাংশ ব্যক্তিগত নাৰ্ছিং হোম আৰু লেবেৰেটৰীক নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে নেকি বিয়াগোম স্বাস্থ্য বিভাগ ?

লগতে পঢ়ক: এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.