ETV Bharat / state

বোকাময় পথত কঠীয়া ৰুই প্ৰতিবাদ গেন্ধালী মহং বস্তিৰ ৰাইজৰ

author img

By

Published : Aug 26, 2021, 8:34 PM IST

পথয় নহয়, যেন খেতিপথাৰহে । বিধ্বস্ত পথেৰে যাতায়াত কৰি অতিষ্ঠ হৈ পৰিছে ৰাইজ । বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথ মেৰামতি কৰাত গুৰুত্ব নিদিলে জন প্ৰতিনিধিয়ে । উপায়হীন হৈ পথৰ ওপৰতে কঠীয়া ৰুই ক্ষোভ উজাৰিলে ৰাইজে ।

Pathetic road condition at Samaguri
গেন্ধালী মহং বস্তিত পথৰ দুৰৱস্থা

চামগুৰি, ২৬ আগষ্ট: জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি হাৰাশাস্তি ভূগিবলগীয়া হৈছে নগাঁৱৰ চামগুৰিৰ গেন্ধালী মহং বস্তিৰ ৰাইজে । চামগুৰি গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৰাইজে অহা-যোৱা কৰা মূল পথটোত আছে কেইবাটাও প্ৰকাণ্ড গাঁত । এজাক বৰষুণতে পানীৰে ভৰি পৰে পথটো । বোকাময় পথটোৰে যানবাহন অহা-যোৱা কৰাতো দূৰৰে কথা খোজকাঢ়ি যোৱাটোও কঠিন হৈ পৰে ।

এই সকলোবোৰ সমস্যাৰ বিষয়ে গাঁওবাসীয়ে কেইবাবাৰো স্থানীয় বিধায়ক ৰকিবুল হুছেইনক জনাইছে আৰু পথটো মোৰামতি কৰি দিবলৈ আহ্বান জনাইছে । কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি আজি পৰ্যন্ত কাণসাৰ নিদিলে বিধায়কে । সেয়ে, অতিষ্ঠ হৈ ৰাইজে পথৰ ওপৰতে কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । গেন্ধালী মহং বস্তিৰ এই সমস্যা এদিনীয়া নহয় ।

বোকাময় পথত কঠীয়া ৰুই প্ৰতিবাদ গেন্ধালী মহং বস্তিৰ ৰাইজৰ

বছৰ বছৰ ধৰি যাতায়াতৰ নামত ৰাইজে দুৰ্ভোগ ভূগি আহিছে । নগাঁও জিলাৰ চামগুৰি গাঁও পঞ্চায়তৰ মহং বস্তি প্ৰাথমিক বিদ্যালয়ৰ পৰা উদমাৰি, কুৰুৱাজান আৰু গেন্ধালী সংযোগ কৰিছে এই পথটোৱে । সম্প্ৰতি এই পথটো শাওনৰ পথাৰ সদৃশ হৈ পৰিছে ।

মহং বস্তি অঞ্চলত এটা অংগনবাড়ী কেন্দ্ৰ, এখন প্ৰাথমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ থকাৰ পাছতো জৰাজীৰ্ণ এই পথটো আজিলৈকে মেৰামতি কৰা হোৱা নাই । এই বিধ্বস্ত পথটোৰেই নিতৌ অহা-যোৱা কৰিবলগীয়া হয় ৰাইজে । কণকণ শিশু, মহিলা, ৰোগী সকলোৱে পথটোৰে যাতায়াত কৰি হাৰাশাস্তি ভোগে ।

নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা নেতাই পথটো মেৰামতিৰ আশ্বাস দিয়ে যদিও পিছত সকলো প্ৰতিশ্ৰুতি পাহৰি যায় বুলি গাঁওবাসীয়ে অভিযোগ তুলিছে । প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ অন্তৰ্গত সকলো পথ, উপ-পথ পকী কৰালে বুলি দাবী কৰি আহিলেও মহং বস্তিৰ মূল পথটোৰ এনে দুৰৱস্থাই উদঙাইছে সমষ্টিটোৰ উন্নয়নৰ স্বৰূপ । বৃহস্পতিবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পথৰ দুৰৱস্থা সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.