ETV Bharat / state

কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তত ব্যাপক ছিণ্ডিকেট ৰাজ! - পঞ্চায়ত সভানেত্ৰী

পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ নেতৃত্বত প্ৰধান মন্ত্ৰী আৱাস যোজনা আচনিত চলিছে ব্যাপক অনিয়ম ৷ সভাপতি-সচিবে নিদ্ধাৰ্ৰিত কৰি দিয়ে ৰাজমিস্ত্ৰী,সামগ্ৰী আনিবৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তত ব্যাপক ছিণ্ডিকেট ৰাজ
author img

By

Published : Aug 30, 2019, 2:18 PM IST

কলিয়াবৰ, 30 আগষ্ট: দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীল অসম চৰকাৰৰ শাসন কালত আকৌ ধৰা পৰিছে আন এক ছিণ্ডিকেটৰ অধ্যায় ৷ এইবাৰ প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ নামত কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবৰ নেতৃত্বত সংঘটিত হৈছে যোজনাৰ ঘৰ বন্ধা সামগ্ৰীৰ চিণ্ডিকেট ৷ আৱাস যোজনাৰ অধীনৰ গৃহ সমূহ নিৰ্মাণৰ বাবে গাঁও পঞ্চায়তৰ দুই মহিলা সভানেত্ৰী আৰু সচিবে নিৰ্দ্ধাৰিত কৰি দিয়া ৰাজমিস্ত্ৰীয়েহে সাজিব পাৰে ঘৰ লগতে তেওঁলোকে নিৰ্দ্ধাৰণ কৰি দিয়ে সামগ্ৰী আনিবৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ কাঠফুলাৰ দৰে গঢ়ি উঠা এই ছিণ্ডিকেটৰ পাকচক্ৰত পৰি এতিয়া ত্ৰাহি মধুসুদন সোঁৱৰিছে পঞ্চায়তৰ হিতাধিকাৰীয়ে ৷

চলিত বৰ্ষত পঞ্চায়তটোৰ ৪৬ গৰাকী হিতাধিকাৰীলৈ পি এম এ ৱাই আচঁনিৰ জৰিয়তে প্ৰতিজনৰ বিপৰীতে এক লাখ ত্ৰিশ হাজাৰ টকাকৈ অনুমোদিত মুঠ ৫৯,৮০০,০০০ টকাৰ চৈধ্য লাখ পঞ্চানব্বৈ হাজাৰ টকাৰ আৱন্টন লাভৰ পিছতে আৰম্ভ হৈছে এই চিণ্ডিকেট। চৰম একনায়কত্বৰ কায়দাৰে এতিয়া পঞ্চায়ত সভাপতি আৰু সচিবে কেৱল তেওলোকে নিদ্ধাৰ্ৰণ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানে যোগান ধৰা ঘৰবন্ধা সামগ্ৰীহে পি এম এ ৱাই আচঁনিৰ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিব কৰিব পাৰিব বুলি এক অঘোষিত নীতি নিৰ্দ্ধাৰণ কৰিছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল এখন চৰকাৰ শাসনত থকাৰ পাছতো কিদৰে গ্ৰামোন্নয়ন বিভাগত অতি সন্তৰ্পণে গা-কৰি উঠিছে পি এম ৱাই গৃহৰ সামগ্ৰী যোগানৰ চিণ্ডিকেট? এই অনিয়ম ৰোধ কৰাত চৰকাৰে এতিয়া কি পদক্ষেপ হাতত ল'ব পৰৱৰ্তী সময়ত ?

Intro:দূৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল অসম চৰকাৰৰ শাসনত চিণ্ডিকেটৰ আন এক নমুনা

কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ নেতৃত্বত প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ বন্ধা সামগ্ৰীৰ চিণ্ডিকেট

হাটবৰ গাঁও পঞ্চায়তৰ দুই মহিলাৰ অঘোষিত নীতি – তেওঁলোকে নিৰ্দ্ধাৰিত কৰি দিয়া ৰাজমিস্ত্ৰীয়ে সাজিব ঘৰ, ব‍্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা আনিব লাগিব সামগ্ৰীBody:দূৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল অসম চৰকাৰৰ শাসনত চিণ্ডিকেট বন্ধ কৰাৰ হুংকাৰ এতিয়া অসাৰ। কাঠফুলাৰ দৰে গঢ়ি উঠা চিণ্ডিকেটৰ পাকচক্ৰত পৰি পঞ্চায়তৰ হিতাধিকাৰীয়ে ত্ৰাহি মধুসুদন সোঁৱৰিছে কলিয়াবৰত।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল বুলি বৰ্তমানৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যিমানেই হুঙ্কাৰ নিদিয়ক, বাস্তৱত ইয়াৰ ওলোটা ৰূপ এটাহে দেখিবলৈ পোৱা গৈছে কলিয়াবৰত।
পান, কয়লা, কণী চিণ্ডিকেটৰ পিছত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অতি সন্তৰ্পনে গা-কৰি উঠিছে পি এম ৱাই গৃহৰ সামগ্ৰী যোগানৰ চিণ্ডিকেট। বিভাগটোৰ অধীনৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটবৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে এনে দুষ্কাৰ্য্য। পঞ্চায়তটোৰ সভাপতি আৰু সচিবৰ ছত্ৰ-ছাঁয়াত ঠন ধৰি উঠিছে এই চিণ্ডিকেট। চলিত বৰ্ষত পঞ্চায়তটোৰ ৪৬ গৰাকী হিতাধিকাৰীলৈ পি এম এ ৱাই আচঁনিৰ জৰিয়তে প্ৰতিজনৰ বিপৰীতে এক লাখ ত্ৰিশ হাজাৰ টকাকৈ অনুমোদিত মুঠ ৫৯,৮০০,০০০ টকাৰ চৈধ্য লাখ পঞ্চানব্বৈ হাজাৰ টকাৰ আৱন্টন লাভৰ পিছতে আৰম্ভ হৈছে এই চিণ্ডিকেট। হিতাধিকাৰীৰ স্বাধীনতা হৰণ কৰি পঞ্চায়ত সভানেত্ৰী আৰু সচিবে নিৰ্ধাৰণ কৰি দিয়া ব্যৱসায়ীক প্ৰতিষ্ঠানে যোগান ধৰা ঘৰবন্ধা সামগ্ৰীহে পি এম এ ৱাই আচঁনিৰ গৃহত ব্যৱহাৰ কৰাৰ অঘোষিত নীতি নিৰ্দ্ধাৰণ কৰি দিছে। নিৰ্ধাৰণ কৰি দিছে চামগুৰিৰ পৰা আমদানিকৃত ৰাজমিস্ত্ৰিয়েহে তৈয়াৰ কৰিব আচঁনিৰ ঘৰ। পঞ্চায়ত সভানেত্ৰী - সচিবৰ মাতব্বৰীৰাজত ত্ৰাহিমধুসূদন সোঁৱৰিব লগীয়া হৈছে পঞ্চায়তটোৰ দৰিদ্ৰ হিতাধিকাৰীয়ে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.