ETV Bharat / state

Panchayat member call recording viral: PMAY ৰ গৃহ দিয়াৰ নামত মহিলাৰে ফোনত অশ্লীল বাৰ্তালাপ পঞ্চায়ত কৰ্মীৰ

author img

By

Published : Feb 7, 2023, 11:00 AM IST

সকলো সীমা অতিক্ৰম কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতিয়ে । প্ৰতিটো চৰকাৰী আঁচনিৰ নামতেই সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি । শেহতীয়াকৈ পোহৰলৈ আহিছে পি এম এ ৱাই আঁচনিৰ অধীনত গৃহ আবন্টনৰ নামত এগৰাকী মহিলাৰ সৈতে জন প্ৰতিনিধিৰ ফোনত কৰা অশ্লীল বাৰ্তালাপ (Panchayat member obscene conversation with a woman ) । নগাঁৱৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ এজন পঞ্চায়ত সদস্যৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

Indecent conversation with women on panchayat member on phone goes viral in Nagaon
মহিলাৰে ফোনত অশ্লীল বাৰ্তালাপ পঞ্চায়ত সদস্যৰ

নগাঁও, 7 জানুৱাৰী: সীমাহীন দুৰ্নীতি, অনিয়মেৰে অভিলেখ গঢ়াৰ পথত নগাঁও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অভিকৰণ । নগাঁও গ্ৰামোন্নয়নৰ অধীনৰ প্ৰায় প্ৰতিটো উন্নয়ন খণ্ডতেই গ্ৰামোন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । প্ৰায় প্ৰতিটো আঁচনি ৰূপায়ণৰ নামত উন্নয়ন খণ্ডসমূহত সংঘটিত হৈ আহিছে দুৰ্নীতি আৰু কেলেংকাৰী (PMAY scheme Scam) ।

শেহতীয়াকৈ দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱা নগাঁৱৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ এগৰাকী পঞ্চায়ত সদস্যৰ এটা ফোন কল ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Panchayat member Viral conversations on phone)। বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনৰ চহৰীয়া গাঁও পঞ্চায়তৰ এগৰাকী সদস্যই যি কাণ্ড সংঘটিত কৰিলে সেয়া শুনিলে চকু কঁপালত উঠিব সকলোৰে (Obscene phone conversations of Panchayat member )।

চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে PMAY নামৰ আঁচনি গ্ৰহণ কৰি আবন্টন দিছে পকী ঘৰ । এই আঁচনিৰ অধীনত ঘৰ দিয়াৰ নামত কোনো দুৰ্নীতি অনিয়ম সংঘটিত কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ হুংকাৰকো যেন কেৰেপেই নকৰা হৈছে একাংশ পঞ্চায়ত সদস্যই । নিজ ইচ্ছামতেই দুৰ্নীতি সংঘটিত কৰি আহিছে একাংশ বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিয়ে ।

আনকি একাংশ বিষয়াৰ আৰ্শীবাদতেই এতিয়া ওভোতগুৰে নাচিবলৈ আৰম্ভ কৰিছে একাংশ পঞ্চায়ত সদস্যই । শেহতীয়াকৈ PMAY আঁচনিৰ গৃহ আবন্টনৰ প্ৰলোভন দি এগৰাকী মহিলাৰ সৈতে ফোনত পঞ্চায়ত সদস্যই কৰা বাৰ্তালাপ পোহৰলৈ আহিছে (Panchayat member call recording viral in Nagaon) । ফোনত নিজকে নিচাত থকাৰ কথা উল্লেখ কৰি PMAY গৃহ দিয়াৰ নামত এগৰাকী মহিলাৰে ফোনত দীঘলীয়া সময় অশ্লীল বাৰ্তালাপ কৰে পঞ্চায়ত সদস্যজনে ।

ঘৰ দিয়াৰ নামত মহিলাগৰাকীক ফোনত অশ্লীল প্ৰস্তাৱো দিয়ে পঞ্চায়ত কৰ্মীজনে । আনকি পঞ্চায়ত কৰ্মীগৰাকীৰ প্ৰস্তাৱ মানি নললে চৰকাৰী ঘৰ কাটি দিয়াৰো ভাবুকি দিয়ে পঞ্চায়ত সদস্যজনে । এনে এক লজ্জানত ঘটনাই সংঘটিত হৈছে নগাঁৱৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনৰ চহৰীয়া গাঁও পঞ্চায়তত ।

দুৰ্নীতিৰ বিৰুদ্ধে সততে সৰৱ হোৱা বুলি কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ব পঞ্চায়তৰ এইসমূহ দুৰ্নীতি । চৰকাৰী আঁচনি দিয়াৰ নামত মহিলাক অশ্লীল প্ৰস্তাৱ দিয়া এইজন পঞ্চায়ত সদস্যৰ বিৰুদ্ধে গ্ৰহণ কৰিব নে কিবা ব্যৱস্থা ?

লগতে পঢ়ক: Lahowal Rape Case : লাহোৱালৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত মহিলাসহ দুই যুৱককক আদালতলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.