নগাঁও, 12 ফেব্ৰুৱাৰী : বিগত 11 দিনে স্থবিৰ হৈ আছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ ৷ ৰাজ্যৰ ভিন্ন প্ৰন্তৰ লেখিয়াকৈ চলিত মাহত 11 ফেব্ৰুৱাৰীৰ পৰা কৰ্মবিৰতি পালন কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ৷ প্ৰতিবাদকাৰীৰ দাবী, নিয়মিয়াকৰণ কৰক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ চাকৰি ৷
কেৱল চাকৰি নিয়মিয়াকৰণে নহয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈ বৃদ্ধি কৰাৰ লগতে কেইবাটাও দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে প্ৰতিবাদকাৰীসকলে (Panchayat employees protest in Nagaon) ৷ নগাঁৱৰ প্ৰতিখন উন্নয়ন খণ্ডৰ অধীনৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিগত 11 দিনে কৰ্মবিৰতিৰ লগতে গ্ৰহণ কৰাৰ লগতে ৰূপায়ন কৰি আহিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । একেদৰে নগাঁও গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে জিলাখনৰ ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীসকলে ।
চাকৰি স্থায়ীকৰণ, ভৱিষ্যনিধিৰ ধন, ৬০ বছৰ বয়সলৈকে চাকৰি, পেঞ্চনৰ সুবিধা আদি প্ৰদানৰ দাবীত পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।
লগতে পঢ়ক : Outsourcing Panchayat Employee: চাকৰি নিয়মীয়কৰণৰ দাবীত ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীৰ ধৰ্মঘট
পহিলা ফেব্ৰুৱাৰীৰ পৰা অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে বৃহস্পতিবাৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে প্ৰতিবাদকাৰী কৰ্মচাৰীৰ এক বৈঠকো অনুষ্ঠিত হয় ৷ কিন্তু এই বৈঠকৰ পাচতো প্ৰতিবাদকাৰীসকলে লাভ কৰা নাই এই সমস্যাৰ কোনো সমাধান ।
কিয়নো কৰ্মচাৰীসকলে তেওঁলোকৰ ছয়দফীয়া দাবী সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো বিভাগে মাত্ৰ দুটা দাবী মানি লোৱাৰ বাহিৰে আন দাবীসমূহ মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ পিছতো আশ্বস্ত হোৱা নাই প্ৰতিবাদী কৰ্মচাৰীসকল । যাৰ বাবে শুক্ৰবাৰৰ পৰা পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীয়ে ।
ছয়দফীয়া দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে । উল্লেখ্য যে, ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীয়ে আৰম্ভ কৰা এই কৰ্মবিৰতিৰ ফলত ৰাজ্যৰ উন্নয়নমূলক কাম-কাজত বৰ্তমান দেখা দিছে স্থবিৰতাই ।
লগতে পঢ়ক : Outsourcing Panchayat Employee : বিলাসীপাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি