ETV Bharat / state

Outsourcing panchayat employee: চামগুৰিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি

author img

By

Published : Feb 4, 2022, 7:42 PM IST

পুনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ (Outsourcing panchayat employees protest)। চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখতো কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বাজিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলে । বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ।

PNRD contractual employees protest
চামগুৰিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি

চামগুৰি,৪ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ (Outsourcing panchayat employees protest)। অসমৰ ভিন্ন প্ৰান্তৰ লগতে চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখতো কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বাজিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলে ।

৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ বাবে ROP ব্যৱস্থা, কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য, চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা প্ৰদান, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা তথা যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাভিত্তিক কৰ্মচাৰী সকলে ।

আনকি কণমানি সন্তানক লৈও প্ৰতিবাদত বহিল বঞ্চিত ঠিকাভিত্তিক মহিলা কৰ্মচাৰী । উল্লেখ্য যে, চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বন্ধৰ দিনতো কাম কৰি কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । পূৰ্বেও এই দাবীসমূহৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ঠিকাভিত্তিক কৰ্মচাৰীসকলে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইফালে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে । এইবাৰ কোনো সুফল নাপালে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে ।

লগতে পঢ়ক :বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেবীক আদৰিবলৈ সাজু হোজাইবাসী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.