ETV Bharat / state

ধাৰাবাহিক অভিযান: জখলাবন্ধাত আটক পুনৰ দুই চোৰাং চিকাৰী - two poachesd arrested at jakhalabandha

কাজিৰঙাৰ গঁড় হত্যাৰ পৰিকল্পনাৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে পুৱতি নিশা পুনৰ দুই চোৰাং চিকাৰী আটক জখলাবন্ধা আৰক্ষীৰ ৷ কিন্তু এই আটকাধীন চিকাৰী দুটা অলপতে কঁহৰা বনাঞ্চলত উদ্ধাৰ হোৱা খৰ্গবিহীন গঁড়টোৰ হত্যাৰ সৈতে জড়িত নহয় ৷ এই তথ্য প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাই ৷

operation-continued-against-rhino-poaching
জখলাবন্ধাত আটক পুনৰ দুই চোৰাং চিকাৰী
author img

By

Published : Apr 23, 2021, 9:49 PM IST

কলিয়াবৰ,23 এপ্ৰিল : কলিয়াবৰত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক অভিযানত পুনৰ আটক হৈছে দুই গঁড় চিকাৰী ৷ শুকুৰবাৰে পুৱতি নিশা জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত চলা অভিযানত মুস্তফা আহমেদ (32) আৰু ৰুফুল আহমেদ (35) নামৰ চিকাৰী দুটাক আমনিৰ পৰা কৰায়ত্ব কৰে ।

জখলাবন্ধাত আটক পুনৰ দুই চোৰাং চিকাৰী

জখলাবন্ধা আৰক্ষী নিৱেশত 19/2921 U/S 25(1-A)/35 অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত পঞ্জীকৃত গোচৰৰ ভিত্তিত আটক কৰা হয় চোৰাং চিকাৰী দুটাক । উল্লেখ্য যে, বুঢ়াপাহাৰ, জখলাবন্ধা আৰু আমনিৰ পৰা অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা চাৰি চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক হোৱা এই চিকাৰী দুটা 2016 চনতো গঁড় হত্যাৰ অপৰাধত আটক কৰিছিল আৰক্ষীয়ে ৷

বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা 6 চোৰাং চিকাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ সৈতে জড়িত থকাৰ প্ৰমাণ ইতিমধ্যে জখলাবন্ধা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে । আটক হোৱা দুই চিকাৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । অৱশ্যে আটকাধীন চিকাৰী দুটা শেহতীয়াকৈ কঁহৰা বনাঞ্চলত উদ্ধাৰ হোৱা খৰ্গবিহীন গঁড়টোৰ হত্যাৰ সৈতে জড়িত নহয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.