ETV Bharat / state

জখলাবন্ধা হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক

author img

By

Published : Aug 25, 2022, 8:06 AM IST

Updated : Aug 25, 2022, 10:08 AM IST

জখলাবন্ধাৰ হোটেল বিজুস্মিতাৰ এজন কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক আটক শিলঘাট আৰক্ষীৰ (Jakhalabandha murder Case) ৷ আটকাধীন অভিযুক্তজনৰ নাম শংকৰ চৰকাৰ ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে পলাতক অৱস্থাত আছিল কৰ্মচাৰী শংকৰ চৰকাৰ ৷

man-arrested-on-suspicion-of-involvement-in-jakhalabandha-murder
জখলাবন্ধা হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক

কলিয়াবৰ, 25 আগষ্ট: " সি আমাৰ লগতে স্কুল পঢ়িছে, মই ভৱাই নাই, মই যে তাক ঘাপ দিছো"৷ এই শিহৰণকাৰী স্বীকাৰোক্তি এজন অভিযুক্তৰ ৷ উল্লেখ্য যে, বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা ৷ জখলাবন্ধা চিকিৎসালয়ৰ সমীপত থকা বিজুস্মিতা হোটেলৰ সন্মুখৰ পৰা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছিল পিটু দাস নামৰ লোকজনৰ মৃতদেহ (Kaliabor deadbody recover)। লোকজন এজন কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল বিজুস্মিতা হোটেলত ৷

ইফালে এই হত্যাকাণ্ডৰ পিছতে পলাতক হৈ আছিল হোটেলখনত কৰ্মৰত আন এজন কৰ্মচাৰী ৷ পিছত পলাতক কৰ্মচাৰী শংকৰ চৰকাৰক বিচাৰি অভিযান অব্যাহত ৰাখিছিল জখলাবন্ধা আৰক্ষীয়ে ৷ অৱশেষত বুধবাৰে নিশা শিলঘাট আৰক্ষীৰ হাতত ধৰা পৰিল শংকৰ চৰকাৰ ৷

তাৰ পিছতে ধৃত লোকজনে আৰক্ষীৰ সন্মুখত এফালৰ পৰা দি যায় ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণী ৷ তেও নিজেই পিটু দাসক হত্যা কৰা বুলি উল্লেখ কৰি আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, মঙলবাৰে দিনৰ ভাগত পিটু দাসে শংকৰ চৰকাৰৰ পৰিয়ালক লৈ কিছু কটু মন্তব্য কৰিছিল ৷ এই কটু মন্তব্যই যেন এক প্ৰকাৰে কাল হ’ল মৃত পিটু দাসৰ বাবে ৷

ইয়াৰ পিছত দুয়োৰে মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ ৷ পৰিণতি স্বৰূপ দুয়োৰে মাজত বৃদ্ধি হয় সংঘাত ৷ কেৱল ইমানেই নহয় নিশাৰ ভাগত সুৰামত্ত অৱস্থাত উভয়ৰে মাজত মাৰপিটৰো সৃষ্টি হয় ৷ এনে জটিল পৰিস্থিতিত বিজুস্মিতা হোটেলৰ বাৰান্দাত পিটু দাস শুই থকা অৱস্থাত শংকৰ চৰকাৰে পিটুক বঠিৰে ডিঙি আৰু হাতত উপৰ্যুপৰি আঘাত কৰে ৷ ফলত মৃত্যু হয় পিটু দাসৰ ৷

লগতে পঢ়ক: জখলাবন্ধাৰ বিজুস্মিতা হোটেলৰ কৰ্মচাৰীক হত্যা

Last Updated : Aug 25, 2022, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.