কলিয়াবৰ, 15 মে': ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ শনিবাৰে কলিয়াবৰৰ দলগাঁৱৰ সাগৰ শইকীয়া নামৰ এগৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ৷ উল্লেখ্য যে, মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ব্যক্তিগৰাকী । কিছুদিন পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীলৈ আহিছিল লোকজন ।
গুৱাহাটীত ক’ভিড টেষ্ট কৰোতে ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে লোকজনৰ দেহত ৷ তাৰ পিছত জখলাবন্ধা হাস্পতালৰ তত্বাৱধানত কলিয়াবৰৰ দলগাঁৱৰ ঘৰত হোম আইচ’লেচনত আছিল তেওঁ ৷ স্বাস্থ্য বিভাগে জনোৱা মতে ব্যক্তিজনে স্বাস্থ্য বিভাগৰ নীতি-নিয়ম সমূহ মনা নাছিল ৷ ৯ দিনত পুনৰ কৰিব লগা ক’ভিড টেষ্ট কৰা নাছিল ব্যক্তিগৰাকীয়ে ৷ এনে অসাৱধানতাৰ বাবেই অৱশেষত মৃত্যুক আকোৱালি ল’ব লগা হ’ল ব্যক্তিগৰাকীয়ে ৷
লগতে পঢ়ক : ঘনশ্যাম দাসক মুখ্যমন্ত্ৰীৰ সচিবৰূপে নিযুক্তি