কলিয়াবৰ, 19 জানুৱাৰী : নগাঁৱৰ কলিয়াবৰত ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে অ’মিক্ৰণৰ সংক্ৰমণ । ক'ভিডৰ তৃতীয় লহৰত আক্ৰান্ত হৈ কলিয়াবৰত মৃত্যু ঘটিছে এজন ব্যক্তিৰ (One Omicron positive dead in kaliabor) ।
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কলিয়াবৰৰ দলগাঁও বামুণভেটিৰ ভগত স্বৎনামী নামৰ লোকজনৰ । মৃত ব্যক্তিজনৰ বয়স ৭০ ঊৰ্ধৰ বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, কলিয়াবৰত প্ৰায় চল্লিশজন লোকৰ দেহত ক’ভিড 19 ৰ সংক্ৰমণ ধৰা পৰিছে । মহকুমাধিপতিৰ কাৰ্যালয়তো এতিয়ালৈকে ছজন বিষয়া-কৰ্মচাৰী সংক্ৰমিত হৈছে । কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগৰ লগতে মহকুমা প্ৰশাসনে ইতিমধ্যে সকলোকে ক'ভিড প্ৰট'কল মানি চলিবলৈ পুনৰবাৰ আহ্বান জনাইছে ।
উল্লেখ্য যে, কলিয়াবৰত অ’মিক্ৰণত আক্ৰান্ত হোৱা ব্যক্তিৰ মৃত্য়ুৰ ঘটনা এইটোৱে প্ৰথম ৷
লগতে পঢ়ক: ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী