নগাঁও,4 আগষ্ট : নগাঁও চহৰত আটক এজন নকল সোণ ব্যৱসায়ী । লখিমপুৰৰ পৰা আহি নগাঁৱত নকল সোণৰ ব্যৱসায় চলাইছিল কাচেম আলী নামৰ লোকজনে ৷ মংগলবাৰে নগাঁও আৰক্ষীয়ে নগদ আঢ়ৈ লাখ টকাসহ আটক কৰে কাচেমক ৷ তাৰ পাচতেই আৰক্ষীৰ জেৰাত কাচেম আলীয়ে স্বীকাৰ কৰে নকল সোণৰ ব্যৱসায়ৰ কথা ৷
লখিমপুৰৰ কাছেম আলীয়ে আন দুই সতীৰ্থৰ সহযোগত নগাঁৱত নকল সোণ বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথত আৰক্ষীৰ জালত পৰে । অৱশ্যে ধৃত ব্যৱসায়ীজনৰ আন দুই সহযোগী পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলৰ পৰা দীৰ্ঘদিন ধৰি এনে ধৰণৰ নকল সোণৰ ব্যৱসায় চলি থকাৰ অভিযোগ পোৱা যায় ৷ ফোনেৰে গ্ৰাহকৰ সৈতে যোগাযোগ কৰি সামান্য সোণ মিহলাই পিতল জাতীয় সামগ্ৰী বিক্ৰী কৰে সোণৰ দামত ৷
ড্ৰাগছ, নকল সোণ আদি বিভিন্ন অবৈধ কাৰবাৰ সংঘটি হ'বলৈ নগাঁও জিলাত ৷ নগাঁও আৰক্ষীয়ে তৎপৰতাৰে এনেসমূহ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও বিভিন্ন সময়ত চতুৰ অপৰাধী আৰক্ষীৰ চকুত ধূলি দি পলায় যাবলৈ সক্ষম হৈছে ৷ এনেসমূহ অপৰাধৰ গৰাহত যাতে নপৰে তাৰবাবে ৰাইজ সাৱধান হোৱা দৰকাৰ ৷
লগতে পঢ়ক : উপযুক্ত চিকিৎসা ব্যৱস্থাৰ অবিহনে চলিছে গোলঘাটৰ চিকিৎসালয়