ETV Bharat / state

তীব্ৰ বেগী ট্ৰেভেলাৰৰ খুন্দাত ধিঙত এজন লোক নিহত

author img

By

Published : Mar 14, 2020, 1:03 AM IST

শুকুৰবাৰে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় নগাঁও- ধিং সংযোগী গড়কাপ্টানী পথৰ চমুৱাগাঁও তিনি আলিত ৷ দুৰ্ঘটনাৰ ফলত নিহত হয় এগৰাকী লোক ৷

ট্ৰেভেলাৰৰ খুন্দাত ধিঙত এজন লোক নিহত
ট্ৰেভেলাৰৰ খুন্দাত ধিঙত এজন লোক নিহত

ধিং, 13 মাৰ্চঃ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত ৷ নগাঁও- ধিং সংযোগী গড়কাপ্টানী পথৰ চমুৱাগাঁও তিনি আলিত শুকুৰবাৰে সংঘটিত হয় আন এক ভয়াৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন লোক নিহত হয় ধিঙৰ চমুৱাগাঁৱৰ মুকুল ঠাকুৰীয়া নামৰ এজন লোক ৷ তথ্য অনুসৰি সন্ধ্যা চমুৱাগাঁৱৰ তিনি আলিলৈ বজাৰ কৰিবলৈ অহা লোকজনক নগাঁৱৰ পৰা মৈৰাবাৰী অভিমুখে এটা লাইট জ্বলাই আহি থকা এখন তীব্ৰ বেগী ট্ৰেভেলাৰে খুন্দিয়ায় ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ লোকজনক ধিং এফআৰইউত ভৰ্তি কৰায় যদিও চিকিৎলকে মৃত বুলি ঘোষণা কৰে লোকজনক ৷

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেভেলাৰখনে ৷ ট্ৰেভেলাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তিঃ আক্ৰান্তৰ সংখ্যা 16 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.