বঢ়মপুৰ, 11 জুনঃ কামপুৰ কচুৱা ৰমনিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ১৩ বছৰীয়া এটি কিশোৰৰ । পথাৰৰ পৰা নাৱৰে বৰো ধান আনি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাৱতি ল'ব লগা হয় কিশোৰজনে ৷
নিহত কিশোৰজনৰ নাম জাকাৰীয়া আহমেদ ৷ চাইদুল ৰহমান নামৰ লোকজনে বিদ্যুত খুটাৰ পৰা নিয়া বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় কিশোৰজনৰ ৷ পানীৰ পৰা কিছু ওপৰতে ওলমি আছিল ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৷ স্থানীয় লোকে বিদ্যুৎ বিভাগ আৰু চাইদুলক বাৰম্বাৰ কোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ ইফালে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ৷
লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত GMCHৰ লেব টেকনিচিয়ান