নগাঁও, 1 জুলাই : প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Rakibul Hussain)ক ফোনযোগে ভাবুকি দিয়া এজন অভিযুক্তক বৃহস্পতিবাৰে আৰক্ষী (Police)য়ে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা লোকজন জাহিদুৰ ৰহমান বুলি জানিব পৰা হৈছে ৷ জাহিদুৰ অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সম্পাদক ৷ নগাঁও আৰক্ষী (Nagaon Police)য়ে নিশা আটক কৰে অভিযুক্ত জাহিদুৰ ৰহমানক ৷
জাহিদুৰ ৰহমানে ৰকিবুল হুছেইনৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰো দাখিল কৰিছিল বুলি জানিব পৰা হৈছে ৷ ইতিমধ্যে ৰকিবুল হুছেইন (Rakibul Hussain)ৰ সৈতে হোৱা বার্তালাপৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিছে জাহিদুৰে ৷ বৰ্তমান নগাঁও আৰক্ষী (Nagaon Police)য়ে আটকাধীন জাহিদুৰৰ জেৰা অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, কংগ্ৰেছৰ তিনিটা কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ উপৰিও পঞ্চমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ বিৰোধী দলৰ উপ দলপতি হোৱা ৰকিবুল হুছেইন (Rakibul Hussain)ক মঙলবাৰে নিশা ১২ বজাত কোনো লোকে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে নিশা ১২ বজাত এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Rakibul Hussain)লৈ অচিনাকি নম্বৰৰ পৰা আহে এই ভাবুকি ভৰা ফোনকল । বিভিন্ন অশ্লীল গালি-গালাজ কৰি প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰাত শংকিত হৈ পৰে প্ৰাক্তন মন্ত্ৰীগৰাকী ।
বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱন(Rajib Bhawan)ত এক সংবাদমেল(Pressmeet) সম্বোধন কৰি এই বিষয়ে সদৰী কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে(Rakibul hussain) । 86388-73520 নম্বৰৰ পৰাই প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক ভাবুকি প্ৰদান কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৰকিবুল হুছেইনে ।
লগতে পঢ়ক : বিধায়ক ৰকিবুল হুছেইনক ফোনযোগে প্ৰাণ নাশৰ ভাবুকি