চামগুৰি, 30 অক্টোবৰঃ নগাঁৱৰ ৰাইডঙীয়াত ভয়ানক পথ দুৰ্ঘটনা সংঘটিত । দুৰ্ঘটনাৰ ফলত থিতাতে এজন ব্যৱসায়ী নিহত ৷ নিহত ব্যৱসায়ীজন ধিং সমষ্টিৰ শিমলুআটিত খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, লংকাৰ পৰা মৈৰাবাৰী অভিমুখে এখন টাটা ম’বাইলত আলু, পিয়াজ ভৰ্তি কৰি লৈ গৈ থকাৰ সময়তেই ৰাইডঙীয়াৰ ৰজাআলিত পথ দুৰ্টনাতো সংঘটিত হয় ৷ ইপিনে টাটা ম’বাইলখনৰ এটা চকা খুলি যোৱাৰ লগতে মূল পথৰ পৰা কাষৰ পথাৰত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাতো সংঘটিত হয়।
লগতে পঢ়কঃ সমাগত নিৰ্বাচনক লৈ ভোটাৰৰ মন জয়ৰ চেষ্টা শাসক-বিৰোধীৰ