নগাঁও,৭ জুলাই : সমগ্ৰ ৰাজ্য কঁপোৱা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Kirtikamal Bora fake encounter) ঘটনাক লৈ পুনৰ উত্তাল হৈছে নগাঁও । শেহতীয়াকৈ তদন্তকাৰী সংস্থা চিআইডিয়ে কীৰ্তিকমল বৰাক দোষ মুক্ত বুলি ঘোষণা কৰাৰ পাছতে পুনৰ অসম আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল বিভিন্ন দল-সংগঠন । সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তদন্তৰ আওতালৈ আনিব লাগে বুলিও বিভিন্ন সংগঠনে ইতিমধ্যে দাবী জনাইছে ।
উল্লেখ্য যে চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো । অসম আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হৈ আজিও ঘূণীয়া হৈ আছে শিক্ষিত যুৱক তথা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ ইতিমধ্যেই আয়ুক্ত পৰ্যায়ৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়েও (CID) সম্পূৰ্ণ কৰিছে অনুসন্ধান ।
চিআইডিৰ অনুসন্ধানৰ অন্তত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্ৰাগছৰ সৈতে জড়িত থকাৰ বদনাম জাপি দিব বিচৰা কীৰ্তিকমল বৰা দোষ মুক্ত হ'ল (CID report on Kirtikamal Bora encounter)। এক কথাত সম্পূৰ্ণ দোষ মুক্ত হ'ল আৰক্ষীৰ গুলীত ঘূণীয়া হোৱা কীৰ্তিকমল বৰা । ইয়াৰ বিপৰীতে কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাত জড়িত এছ আই প্ৰদীপ বনিয়াৰ বিৰুদ্ধেও আদালতত অভিযোগনামা দাখিল কৰিলে চিআইডিয়ে । চিআইডিয়ে আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিছতেই ৰাজ্যজুৰি পুনৰ চৰ্চা লাভ কৰে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ প্ৰসংগই ।
ইয়াৰ মাজতেই বৃহস্পতিবাৰে পুৱাই কীৰ্তিকমল বৰাৰ কচলুখোৱাৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ প্ৰতিনিধি দল (NSUI delegation at residence of Kirtikamal Bora)। অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষানু বৰুৱাৰ নেতৃত্বত এটা সঁজাতি দল উপস্থিত হৈ কীৰ্তিকমল বৰা আৰু তেওঁৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে । ইয়াৰ পিছতে এক সংবাদ মেল সম্বোধন কৰি এনকাউণ্টাৰক লৈ সৰৱ হৈ পৰে এন এছ ইউ আইৰ নেতা কৃষানু বৰুৱা ।
কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে । উপ আৰক্ষী পৰিদৰ্শক হোৱাৰ সপোন দেখি আৰক্ষীৰ গুলীত ঘূণীয়া হৈ পৰা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈও দাবী উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে । আনহাতে কেৱল প্ৰদীপ বনিয়াই নহয়, এন্টি নাৰ্ক'টিক স্কোৱাডৰ আটাইকেইজন জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃত ন্যায় পাব বুলি মন্তব্য কৰে কীৰ্তিকমল বৰাই ।
লগতে পঢ়ক :চি আই ডিৰ প্ৰতিবেদনে উদঙালে জনপ্ৰিয় আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ মিথ্যাচাৰ