ETV Bharat / state

সামাজিক দূৰত্বক আওকাণ : শ্বেখ মুফতি মহম্মদ খাইৰুলৰ জানাজাত উপস্থিক সহস্ৰাধিক লোক

author img

By

Published : Jul 3, 2020, 5:38 PM IST

উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰীয়ত, সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ সভাপতিৰ লগতে, দাৰুল হাদিছ পৰমাইভেটি ইছলামীয়া মাদ্ৰাছাৰ শ্বেয়াখুল হাদিছ হজৰত শ্বেখ মুফতি মহম্মদ খাইৰুল ইছলামে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁৰ জানাজা অনুষ্ঠানত পৰিলক্ষিত হয় সহস্ৰাধিক লোকৰ উপস্থিতি ৷ য'ত নাছিল কোনো ধৰণৰ সামাজিক দূৰত্ব ৷

no social distance maintained in the last rites of mla aminul islam's father's death

নগাঁও, 3 জুলাইঃ বৃহস্পতিবাৰে পুৱা নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোম শেষ নিশ্বাস ত্যাগ কৰে, ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ হজৰত শ্বেখ মুফতি মহম্মদ খাইৰুল ইছলামে ৷ বিধায়কৰগৰাকী পিতৃ আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এগৰাকী ধৰ্মীয় গুৰু ৷ তেওঁ উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰীয়ত, সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ সভাপতিৰ লগতে, দাৰুল হাদিছ পৰমাইভেটি ইছলামীয়া মাদ্ৰাছাৰ শ্বেয়াখুল হাদিছ আছিল ৷

ধৰ্মীয় গুৰু হজৰত শ্বেখ মুফতি মহম্মদ খাইৰুল ইছলাম

প্ৰায় দুবছৰ পৰা বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল ধৰ্মীয় গুৰুগৰাকী ৷ ধৰ্মীয় গুৰুগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ লোকে আহি ভীৰ কৰেহি দ গাঁৱৰ পৰমাইভেটীস্থিত বাসগৃহত ৷ ইয়াৰোপৰি খাইৰুল ইছলামৰ শেষকৃত্য তথা জানাজা সম্পাদনতো পৰিলক্ষিত হয় অগণন লোকৰ উপস্থিতি ৷ বৃহস্পতিবাৰে সন্ধিয়া দ গাঁও খেলপথাৰত অনুষ্ঠিত হৈছিল স্বৰ্গীয় ধৰ্মগুৰু গৰাকীৰ জানাজা নামাজ ৷

সামাজিক দূৰত্ব অবিহনে সম্পন্ন হ'ল জানাজা

কিন্তু জানাজা অনুষ্ঠানত কৰ'ণাৰ বাবে জাৰি কৰা নীতি-নিয়ম পালন কৰা দেখা নগ'ল উপস্থিত লোকসকলে ৷ যি সময়ত বিবাহকে ধৰি ভিন্ন অনুষ্ঠানত 20-50 গৰাকী লোক সামাজিক দূৰত্ব মানি উপস্থিত থাকিব পাৰিব বুলি চৰকাৰে নিয়ম জাৰি কৰিছে, তেনে সময়তে এনেদৰে সহস্ৰাধিক লোকৰ উপস্থিতিয়ে শংকিত কৰি তুলিছে একাংশ সচেতন লোকক ৷ কোনো ধৰণৰ সামাজিক দূৰত্ব নমনাকৈয়ে বিধায়ক গৰাকীৰ পিতৃৰ জানাজা অনুষ্ঠানত ভাগ লোৱা পৰিলক্ষিত হ'ল সহস্ৰাধিক লোকক ৷ প্ৰশাসনে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাৰো অভিযোগ তুলিছে একাংশই ৷

সামাজিত দূৰত্বক নেওচি সহস্ৰাধিক লোকৰ উপস্থিতিৰে সম্পন্ন ধিঙৰ বিধায়কৰ পিতৃৰ জানাজা

লগতে পঢ়কঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.